বাহাৰঘাটত 'আছু'ৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন 

Aasu

নৰেন শৰ্মা,বাহাৰঘাট:

মহামাৰী ক'ৰ'না ভাইৰাছ সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই বৃহত্তৰ বাহাৰঘাট অঞ্চলৰ ১২০ গৰাকী মেধাৱী শিক্ষাৰ্থীক দুদিনীয়াকৈ 'বিশেষ অভিনন্দন অনুষ্ঠানৰ জড়িয়তে সম্বৰ্ধনা জনায়।উল্লেখ্য যে যোৱা ৩০ আগষ্টত বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই ৮০ গৰাকী হাইস্কুল-হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ-ছাত্ৰীক মানপত্ৰগছপুলিৰে সম্বৰ্ধনা জনাইছিল।ঠিক সেইদৰে বৃৃহস্পতিবাৰেও বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ সিদ্ধি শৰ্মা হাইস্কুলত ১৫ গৰাকী কৃতী শিক্ষাৰ্থীক মানপত্ৰ,গছপুলি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।ধৰণীধৰ বিদ্যাপীঠ হাইস্কুলৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৬ গৰাকী আৰু সিদ্ধি শৰ্মা হাইস্কুলৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৯ গৰাকী মেধাৱীক বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জনায়।সিদ্ধি শৰ্মা হাইস্কুলৰ প্ৰধান শিক্ষক কাৰ্ত্তিক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানটোত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিকি শৰ্মা,ভাৰপ্ৰাপ্ত সভাপতি ইমৰাণ হুছেইন,ধৰণীধৰ বিদ্যাপীঠ 'আছু' গোটৰ সভাপতি জাহিৰ হুছেইন,সাধাৰণ সম্পাদক আকাশ বৰুৱা,ধৰণীধৰ বিদ্যাপীঠ হাইস্কুলৰ সুনীল দাস,সিদ্ধি শৰ্মা হাইস্কুলৰ  শিক্ষক আৰু কৰ্মচাৰীসকল।সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিকি শৰ্মাই ভাষনত কৃতী ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক দিনত গভীৰ অধ্যয়নত ব্ৰতী হৈ দেশৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধ হ'বলৈ আহ্বান জনায়।উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত প্ৰতি বছৰে ছাত্ৰ সমাজে সন্মুখীন হৈ অহা নামভৰ্তিৰ সমস্যাই আৰু মহাবিদ্যালয়সমুহত আসনৰ অভাৱে প্ৰতি বছৰে ছাত্ৰ আৰু অভিভাৱকসকলক হতাশ কৰি আহিছে বুলি দোহাৰে।সাম্প্ৰতিক সময়ত শৈক্ষিক ক্ষেত্ৰত ইমানবোৰ প্ৰত্যাহ্বান থকাৰ পিছতো নলবাৰীৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাই অহাটো শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক ইতিবাচক দিশ বুলি শৰ্মাই কয়।

Your Comments