ঘগ্ৰাপাৰত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা:'কংগ্ৰেছে হিন্দু সমাজক এক হ'বলৈ নিদিয়ে'

Satyaranjan Bora

*এআইইউডিএফ এটা সাম্প্ৰদায়িক দল*

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বুুধবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগনত আয়োজন কৰা  জন্মাষ্টমীতউপস্থিত হৈ পুনৰ বিতৰ্কমূলক মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই৷উগ্ৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে সাংবাদিকৰে হোৱা কথা- বতৰাত কয় যে হিন্দুসকল ভাৰতবৰ্ষৰ সংস্কৃতি-সভ্যতাৰ অবিছেদ্য অংগ৷ভাৰতবৰ্ষত সংস্কৃতি-সভ্যতা নাথাকিলে আমি যে থাকিব নোৱাৰো আৰু আমি অকলশৰে যে ইছলামিক অগ্ৰাসনৰ বিৰুদ্ধে যুজিব নোৱাৰোঁ,এই কথাটো সকলো হিন্দুৱে উপলব্ধি কৰা উচিত৷

Pic

আনহাতে ,বৰাই অসমত লাভ জেহাদ বৃদ্ধি পোৱা সন্দৰ্ভত কয় যে অসমত লাভ জেহাদ আগৰে পৰা হৈ আছে৷কিন্তু,এতিয়া হিন্দুসকল জাগ্ৰত হোৱাৰ বাবে সকলোৱে গম পাইছে৷গতিকে,মাছৰ যেনেকৈ উজান উঠিছে,সেই উজান আমি একেটা কোবতে শেষ কৰিম বুলি কয় বৰাই৷
হাজোৰ ঘটনাটো সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত সত্যৰঞ্জন বৰাই কয় যে  হাজোৰ ঘটনাটো এটা পৰিকল্পিত ঘটনা৷ইয়াত হাজোৰ ব্লক কংগ্ৰেছ জড়িত আছে৷কংগ্ৰেছ আজি শংকিত৷কংগ্ৰেছে এআইইউডিএফৰ দৰে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰিছে,যি ইছলামৰ হাতত বিক্ৰী হোৱা এটা দল৷কংগ্ৰেছে হিন্দু সমাজক কেতিয়াও এক হ'বলৈ নিদিয়ে৷আনহাতে,শীঘ্ৰে অসমৰ মছজিদসমূহৰ পৰা মাইকসমূহ আঁঁতৰ কৰিব লাগিব বুলিও কয়৷কাৰণ ন্যায়ালয়ৰ এই ৰায় মানিব লাগিব।হজৰত মহম্মদে মাইক আবিষ্কাৰ কৰা নাছিল৷তেনেহল মছজিদসমূহত মাইক কিয় বুলি প্ৰশ্ন তোলে সত্যৰঞ্জন বৰাই৷

Your Comments