নলবাৰী জিলাৰ মুকালমুৱাত পথ দুৰ্ঘটনা:১জন নিহত,২ জন আহত 

Nalbari Accident

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ মুকালমুৱাত সোমবাৰে সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা।মুকালমুৱাৰ সাপকাটাত নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত সোমাই পৰে এখন বালেন' বাহন।বাহনখনৰ নম্বৰ AS-01-EH-3104।বাহনখনত আছিল পশ্চিম নলবাৰীৰ দাহুদীৰ তিনিজন লোক।পানীত ডুবি থকা অৱস্থাত স্থানীয় ৰাইজে বাহনখনৰ পৰা উদ্ধাৰ কৰে দাহুদীৰ মাধৱ ভূঞা,ৰাণী বৰ্মন আৰু বিপুল বৰ্মনক।তিনিওগৰাকীক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰে । পিছত সংকটজনক অৱস্থাত মাধৱ ভূঞাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে ভূঞাৰ মৃত্যু হয়।মাধৱ ভূঞা শুকেকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত আছিল।মাধৱ ভূঞাই অসম আন্দোলনৰ সময়ত পশ্চিম নলবাৰী অঞ্চলতে নেতৃত্ব দি আগুৱাই নিছিল সংগ্ৰামখনক। নিজৰ পকেটৰ ধনেৰে কৰ্মৰত বিদ্যালয় শুকেকুছি প্ৰাথমিক বিদ্যালয়ৰ চৌদিশে গছপুলি ৰোপণ কৰি আটকধুনীয়া কৰি তুলিছিল ভূঞাই।পশ্চিম নলবাৰী অঞ্চলৰ অতি জনপ্ৰিয় মাধৱ ভূঞাৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁঁ পৰে।

Your Comments