ডেৰ বছৰে মুকলি নহ'ল ২৫ লাখ টকা ব্যয় সাপেক্ষ হাজো বঙালপাৰাৰ বজাৰগৃহ

Hazo

*সুবিধাজনক বজাৰৰ অভাৱত উৎপাদিত ফচলৰ উচিত মূল্যৰ পৰা বঞ্চিত কৃষক*

#হাজোৰ পৰা কমলাকান্ত দাস: 

অভিলাষী আঁচনি ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বছৰি কোটি-কোটি টকা ৰাজ্য চৰকাৰৰ নামত আৱণ্টন দি আহিছে যদিও একাংশ দুৰ্নীতিপৰায়ন আমোলা-বিষয়া আৰুঠিকাদাৰৰ গোপন বুজা-বুজিত সম্প্ৰতি আঁচনিসমূহ প্ৰহসনলৈ পৰিণত হৈছে।তেনে এখন ব্যয়-বহুল আঁচনিৰ জলন্ত নিৰ্দশন হিচাপে চিহ্নিত হৈ পৰিছে কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ অধীনষ্ঠ বঙালপাৰাত নিৰ্মিত ২৫ লাখ টকা ব্যয়সাপেক্ষ বজাৰগৃহ। নিৰ্মাণৰ ডেৰটাকৈ বছৰ উকলি যোৱাৰ পিছতো অদ্যপিও উক্ত বজাৰগৃহটো মুকলি কৰিবলৈ সমৰ্থ নহ'ল ৰাজ্য চৰকাৰৰ বিয়াগোম কৃষি বিভাগ।প্ৰাপ্ত অভিযোগ অনুসৰি,হাজো-বঙালপাৰাৰ বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজে হাঁঁড়ভঙা পৰিশ্ৰমৰে উৎপাদন কৰা ফচলৰ যাতে উচিত মূল্য লাভ কৰিবলৈ সক্ষম হয়,তেনে এক মহান উদ্দেশ্যৰে মান ২৫ লাখ টকা ব্যয় সাপেক্ষে হাজোৰ বঙালপাৰাত এটা বজাৰগৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিছিল।সম্প্ৰতি এই পঁচিশ লাখ টকীয়া বজাৰগৃহ গোহালি ঘৰলৈ ৰূপান্তৰ হৈছে । ডেৰ বছৰ পূৰ্বে  তথাকথিত ঠিকাদাৰ এগৰাকীয়ে হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত বঙালপাৰা গাঁঁও পঞ্চায়তৰ ২নং ভেলকৰৰ দেওবৰীয়া বজাৰত নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল ২৫ লাখ টকীয়া এই বজাৰগৃহটো।পিছত ঠিকাদাৰগৰাকীয়ে গৃহটো অসম্পূৰ্ণ কৰি সমুদায় ধন সৰকাই নিয়া বুলি ৰাইজে অভিযোগ কৰে।মাৰ্কেটিং ব'ৰ্ডৰ লক্ষ্য আছিল বজাৰলৈ অহা ক্ৰেতা-বিক্ৰেতাই যাতে কিছু হ'লেও সকাহ পায়।নাম ফলক নথকা আঁঁচনিখনৰ অধিকাংশ ধনৰে শ্ৰাদ্ধ পাতিলে ঠিকাদাৰগৰাকীয়ে।টিন-পাত নলগোৱাকৈ এতিয়াও বজাৰগৃহটো পৰিত্যক্ত হৈয়ে থাকিল।এই গৃহটোৰ নামত আৱন্টিত চৰকাৰী ধনৰ অপচয় হোৱাত ইয়াৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।এই অৰ্ধনিৰ্মিত বজাৰগৃহটোৱে প্ৰতিফলিত কৰিছে বিকশিত অসমৰ এখন অবিকশিত ছবি।

Your Comments