দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী কাবাডী হেণ্ডবল সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ শাখাৰ ৰাজ্যিক হেণ্ডবল খেলুৱৈ মৃদুল স্বৰ্গীয়াৰীৰ ৫ ছেপ্টেম্বৰৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জণ্ডিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে । ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁও নিৱাসী কামদেৱ বড়ো আৰু আশা বড়োৰ পুত্ৰ নলবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল। দুৱাৰকৈ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাত খেলুৱৈগৰাকীয়ে পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁৰ মৃত্যুত দেওবাৰে ঘগ্ৰাপাৰ ক্ৰীড়া সন্থা আৰু নলবাৰী হেণ্ডবল সংস্থাৰ উদ্যোগত ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত সন্ধিয়া খেলুৱৈগৰাকীৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।
ঘগ্ৰাপাৰ ক্ৰীড়া সন্থাসৰ সভাপতি তফিকুৰ ৰহমান আৰু সম্পাদক বাপন দাসে আঁত ধৰা অনুষ্ঠানটিত নলবাৰী হেণ্ডবল প্ৰশিক্ষক ধৰণী বসুমতাৰীয়ে খেলুৱৈ গৰাকীৰ প্ৰতিভা আৰু স্মৃতি ৰোমান্থন কৰি আৱেগিক হৈ পৰে।অনুষ্ঠানটিত শতাধিক খেলুৱৈ আৰু ক্ৰীড়া সংগঠকে মৃত খেলুৱৈগৰাকীৰ আত্মাৰ সদগ্তিৰ বাবে বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
- Log in to post comments
- 9 views