দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
বিজেপি দল এটা আদৰ্শ।এই দলৰ সেৱা কৰাই আমাৰ সংগঠন।এনে সেৱাৰ মনোভাৱৰ বাবে আমাৰ নেতা সৰ্বানন্দ-হিমন্তক মানুহে ভগৱান বুলি ভাবিবলৈ লৈছে।এই মন্তব্য অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ তথা অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাৰ ৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত দেওবাৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত ঘগ্ৰাপাৰ হৰিমন্দিৰত অনুষ্টিত হোৱা এখন বৌদ্ধিক আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱনিৰ্বাচিত ৰাজ্যিক উপ-সভাপতি গৰাকীয়ে এনেদৰে কয় ৷ লগতে তেওঁ কয় যে বিজেপিৰ উত্থানত আজি বিৰোধী শংকিত ৷ নেতাগৰাকীয়ে এতিয়া বাঘে ছাগে এক লগ হোৱা বুলিও কংগ্ৰেছ আৰু এআইইউডিএফক কটাক্ষ কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে ভাৰতীয় সংস্কৃতিত আমি কেতিয়াও আৰৱীয় সংস্কৃতিক আহিব নিদিও ৷ ভাৰতীয় সংস্কৃতিৰ বৈভৱৰ কথা সোঁৱৰাই দিব পৰা দল হ’ল একমাত্ৰ বিজেপি ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে বদৰুদ্দিন আজমলৰ লগত লগ লাগি মহাজোঁঁট বন্ধনৰ পৰিকল্পনা কৰিছে ৷ ৰাইজে যদি এই মহাজোঁটক বিশ্বাস কৰে,তেন্তে আগন্তুক ২০২১ত বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হোৱাতো নিশ্চিত ৷ তেতিয়া আমি সদায় মিঞাৰ তলত থাকিব লাগিব ৷
এনেদৰে কাৰ্যকৰ্তাসকলক উদ্দেশ্য কৰি দিয়া এঘণ্টাযোৰা ভাষণত বৰুৱাই কয় যে আমি পোৱা-নোপোৱাৰ হিচাপ নকৰি মাত্ৰ আদৰ্শৰ বাবে দল কৰি যাৱ লাগে ৷ নেতা বা মন্ত্ৰী হোৱাৰ আশাৰে আমিও দল কৰা নাই মাত্ৰ আদৰ্শৰ বাবে দল কৰি গৈছো ৷ অনাগত সময়ত আকৌ ১৫ বছৰ বিজেপি শাসনত থাকিলেহে অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব বুলিও দোহাৰেে বাকপটু নেতাগৰাকীয়ে ৷ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই সভাপতিত্ব কৰা আৰু সাধাৰণ সম্পাদক মনোজ ডেকাই আঁত ধৰা সভাখনত কেইবাগৰাকীও ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাক মণ্ডল বিজেপিৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানৰ পূৰ্বে কাৰ্যকৰ্তাসকলৰ জ্ঞাতাৰ্থে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী বিভাগৰ বিভাগ কাৰ্যবাহ নিৰঞ্জন বৰ্মনে বৌদ্ধিক প্ৰদান কৰে ৷ বৰ্মনে ভাষণত ভাৰতীয় সভ্যতা-সংস্কৃতি বিশ্বই মানিবলৈ আৰম্ভ কৰা বুলিও মন্তব্য কৰি তেওঁ কয় যে এয়া সনাতনী সংস্কৃতিৰ বাবে শুভ লক্ষণ।বৰ্মনে নিজৰ ভাষণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সপোন আজি প্ৰধানমন্ত্ৰী মোডীয়ে সফল ৰূপ দিছে বুলি কয়।এক জাতি এক নিচান মোডীয়ে ৰূপায়ণ কৰা বুলি আঙুলিয়াই দি কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলুপ্ত কৰা,ৰাম মন্দিৰ নিৰ্মাণ আৰু তিনি তালাক নিষিদ্ধ কৰা সংঘৰ লক্ষ্য আছিল বুলি ব্যক্ত কৰে। বৰ্তমান পঞ্চায়ত প্ৰতিনিধিসকলে দুৰ্নীতিত নামি পৰাত তেওঁ খেদ প্ৰকাশ কৰি সময় থাকোতে এইসকল প্ৰতিনিধিক নাকী লগাবলৈ আহ্বান জনায়।অন্যথা এইসকল প্ৰতিনিধিয়ে বিজেপিক ক্ষতি কৰিব বুলি তেওঁ আশংকা কৰে। এই সভাতে সম্বৰ্দ্ধনা জনোৱা হয় ক্ৰমে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ , নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা , ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা , ৰাজ্যিক কাৰ্যনিৰ্বাহক ক্ৰমে বনদ্বীপ ডেকা, মধুৰাম ডেকা , শৰৎ বৰ্মন , কুমুদ দাস , সমবায় কোষৰ সহঃআহ্বায়ক দিলজিৎ বৰ্মন , অসংগঠিত শ্ৰমিক কোষৰ সহঃআহ্বায়ক ত্ৰিনয়ন বৰ্মন , আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য শৈলেন ভাগৱতী,নলবাৰী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন,নলবাৰী জিলা কিষাণ মৰ্চাৰ সভাপতি ৰেখান্ত দাস , নলবাৰী জিলা জনজাতি মৰ্চাৰ সভাপতি হিতেশ ব্ৰহ্ম , বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ প্ৰভাৰী মৃণাল শৰ্মা আৰু অসম পৰিৱহণ নিগমৰ উপাধ্যক্ষ হৰিচৰণ বড়োক ৷ সভাখনত সম্বৰ্দ্ধনা গ্ৰহণ কৰি বিধায়ক অশোক শৰ্মাই কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত নিতৌ ন ন আচঁনিৰে বিজেপিয়ে অসমৰ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।ইয়াৰ ভিতৰত তেওঁঁ প্ৰধানতঃ ছাত্ৰ- ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি,পাঠ্যপুথি,খাদ্য আৰু আহি থকা অৰুণোদয় আচঁনিৰ কথা উল্লেখ কৰে ৷ সভাখন সামগ্ৰিকভাৱে সফল কৰাত সহযোগ কৰে মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা আৰু বিজয় বৰ্মনে।অনুষ্ঠানত মণ্ডল সমিতিৰ অন্তৰ্গত পঞ্চায়ত প্ৰতিনিধি,বুথ সভাপতি-সম্পাদককে ধৰি প্ৰায় দুইশতাধিক বিজেপিৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।
- Log in to post comments
- 15 views