নানকাৰভয়ৰাৰ জলমঞ্চত 'সেউজী-সেউজী'ৰ কবি নীলমণি ফুুুকন বিশেষ সংখ্যা উন্মোচন

Seuji-Seuji

*সেউজী-সেউজী'-এ জীপাল কৰি ৰাখিছে কবিতাৰ ভঁড়াল-জিতেন্দ্ৰলাল শৰ্মা*         

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

অসমৰ সাহিত্য তথা কবিতাৰ ক্ষেত্ৰখনত 'সেউজী-সেউজী' কাব্য আলোচনীখনে  উল্লেখযোগ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে।সেউজী-সেউজীয়ে অসমত বহু নতুন কবিৰো জন্ম দিছে।মুঠতে সেউজী-সেউজীয়ে জীপাল কৰি ৰাখিছে কবিতাৰ ভঁড়াল।এনে ধৰণৰে মন্তব্য আগবঢ়ালে বিশিষ্ট সাংবাদিক জিতেন্দ্ৰলাল শৰ্মাই।নলবাৰীৰ গ্ৰামাঞ্চল নানকাৰভয়ৰাৰ জলমঞ্চত শনিবাৰে সন্ধিয়া 'সেউজী-সেউজী' আলোচনীখন উন্মোচন কৰি 'নিয়মীয়া বাৰ্তা' কাকতৰ বিশিষ্ট সাংবাদিক জিতেন্দ্ৰলাল শর্মাই সেউজীয়া ৰং চিৰযুগমীয়া আৰু আশাৰ প্ৰতীক বুলি কয়।নানকাৰভয়ৰা কবিতাৰ শব্দৰে জীপাল হৈ আছে বুলি কৈ জ্যেষ্ঠ সাংবাদিক শৰ্মাই কাব্যঋষি নীলমনি ফুকনৰ কবিতা সন্দৰ্ভতো বক্তব্য আগবঢ়ায় । তৰুণ বৰ্মনৰ মুখ্য সম্পাদনা আৰু পুলক বৰ্মনৰ সম্পাদনাত প্ৰকাশ পোৱা কবি নীলমনি ফুকন বিশেষ সংখ্যাটি উন্মোচন কৰি সাংবাদিক শৰ্মাই সেউজী-সেউজীয়ে নীলমনি ফুকন বিশেষ সংখ্যাটি প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জনায়।কবি প্ৰণৱ কুমাৰ বৰ্মনে আঁ‌ত ধৰা উন্মোচনী অনুষ্ঠানটিত কবি গীৰেন গোপ,মোস্তাফা কামাল আহমেদ,নুৰুল আমিন , ড° ৰঞ্জনা ভট্টাচাৰ্য,সত্যেন শৰ্মা,পূূৰৱী শৰ্মা উপস্থিত থাকি চৌছল্লিশ বছৰ অতিক্ৰম কৰা সেউজী-সেউজী আলোচনীখনৰ  সন্দৰ্ভত      বক্তব্য প্ৰদান কৰে।উন্মোচনীৰ আগমুহূৰ্তত জলমঞ্চখনতে কবি দীপালিমা দত্ত,জিন্তুমনি শৰ্মা,শ্বাহ আলম আহমেদ,জয়চন্দ্ৰ শৰ্মা,প্ৰণৱ খাৰজাৰা,নন্দ কিশোৰ ভূঞা,বৰষা বৈশ্য , জিমিৰেখা শৰ্মা,নুৰুল আমিন,মোস্তাফা কামাল আহমেদ,প্ৰাঞ্জল শৰ্মা,নয়ন শৰ্মা,প্ৰণৱ কুমাৰ বৰ্মন,গীৰেন গোপ আদিকে ধৰি প্ৰায় একুৰি ন-পুৰণি কবিৰ কবিতা পাঠ আৰু শিল্পীৰ গীতেৰে সন্ধিয়াটো জীপাল হৈ উঠে।

Your Comments