মৰিগাঁৱত জিলা শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক দিৱস উদযাপন

Morigaon

*২২ জন কৃতী শিক্ষকক জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান*
*বিদ্যালয় সংগীত উন্মোচন*
*প্ৰতিভা আৰু ক্ষমতা দুয়োটাকে সংপৃক্ত কৰি শিক্ষকে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিব পাৰিলেহে এখন সুন্দৰ সমাজ গঢ় দিয়াটো সম্ভৱ হ'ব- ড: নন্দসিং বৰকলা*

#মৰিগাঁৱৰ পৰা জিতুমনি নাথ:

"এতিয়া শিক্ষাৰ গতিধাৰাটোৱেই  সলনি হৈ গ'ল। সেয়ে মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্রত শিক্ষকসকলৰ ওপৰত অধিক দায়িত্ব আহি পৰিছে। এই ক্ষেত্ৰত প্ৰতিভা আৰু ক্ষমতা দুয়োটাকে সংপৃক্ত কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে যদি  ছাত্ৰ-ছাত্ৰীক শিক্ষাদান দিব পাৰে,তেতিয়াহে এখন সুন্দৰ সমাজ গঢ় দিয়াটো সম্ভৱ হৈ পৰিব।"এই গুৰুত্বপূৰ্ণ মন্তব্য মৰিগাঁও আৰক্ষী অধীক্ষক তথা বিশিষ্ট কবি ড: নন্দসিং বৰকলাৰ।মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত, শিক্ষা বিভাগৰ সৌজন্যত আৰু মাধ্যমিক বিদ্যালয়ৰ কাৰ্য্যালয় সহায়ক সন্থাৰ সহযোগত শনিবাৰে মৰিগাঁৱৰ পবিতৰা হাটত অনুষ্ঠিত ৫৯ সংখ্যক শিক্ষক দিৱসত জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈৰ মুখ্য সম্পাদনাত আৰু শিক্ষক ৰাজীৱ চহৰীয়াৰ সম্পাদনাত মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ বিদ্যালয় সংগীতৰ সংকলন 'বিদ্যালয় সংগীত' উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট কবি ড: নন্দসিং বৰকলাই শিক্ষা বিষয়ত কেতবোৰ তত্ত্বগধুৰ ব্যাখ্যা আগবঢ়াই কয় যে শিক্ষকসকলে তেওঁঁলোকৰ সমস্ত সঞ্চিত শক্তিৰ জ্ঞান,গৰিমা একত্ৰিত কৰি নতুন প্ৰজন্মক শিক্ষাদান কৰিব পাৰিলেহে শিক্ষাৰ গৌৰৱৰ হাঁহিয়ে আমাৰ সমাজখনক এক নতুন মাত্ৰাৰ সৈতে ধাৱমান কৰিবলৈ সক্ষম হ'ব। মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আলোকচিত্ৰৰ সন্মুখত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই আদৰণী ভাষণ প্ৰদান কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈয়ে।জিলা উপায়ুক্ত লীনা দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনতেই  ৰাজ্যৰ প্ৰথমখন শৈক্ষিক ই-পত্ৰিকা 'প্ৰজ্ঞালিপি'ৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়াই । শিক্ষক লেনিন ডেকাই আঁত ধৰা সভাখনত  মৰিগাঁও জিলাৰ ২২ গৰাকী শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদান হয়। তদুপৰি  ১২ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে ক'ৰ'না কালত শৈক্ষিক ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবে ১১ গৰাকী শিক্ষকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।উল্লেখ্য যে  যে।'বিদ্যালয় সংগীত' সংকলনখনত মৰিগাঁও জিলাৰ শতাধিক বিদ্যালয়ৰ সংগীত সন্নিবিষ্ট কৰা হৈছে।

Your Comments