অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন্দ্ৰ চন্দ্ৰ শৰ্মাৰ বিয়োগ

Retired Teacher

নৰেন শৰ্মা,বাহাৰঘাট:

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত লৰমা বটাকুছি গাওঁ নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক নগেন্দ্ৰ চন্দ্ৰ শৰ্মা(৭২)ৰ বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে কিছুদিন আগতে শৰ্মা যথেষ্ট অসুস্থ হৈ পৰাত পৰিয়ালে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও দিনক-দিনে স্বাস্থ্যৰ অধিক অৱনতি হৈ বৃহস্পতিবাৰে পুৱা ৭-৪৫ বজাত মৃত্যু হয়৷উল্লেখযোগ্য যে চিকিৎসাধীন অৱস্থাত থাকোতে শৰ্মাৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে।কিন্তু পিছত ই নিগেটিভ হয়৷আনহাতে আজি মৃত্যুৰ পিচতো ক’ভিড টেষ্ট কৰি নিগেটিভ উপলব্ধ হয়৷আজি আবেলি শৰ্মাৰ মৃতদেহ আৰক্ষী প্ৰশাসনৰ দ্বাৰা জন্মগাওঁ লৰমাবটাকুছিত আছুতীয়া শ্মশানত দাহন কৰে৷মৃত্যুৰ সময়ত শৰ্মাই তেওঁৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নীসহ দুই পুত্ৰ, বোৱাৰী,এগৰাকী বিবাহিতা কন্যা সমন্বিতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷চাকৰি কালত শৰ্মাই বাহাৰঘাট প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ লগত জড়িত থকাৰ উপৰিও পঃবঃসাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা পৰিচালনা সমিতি(দেহাৰকুছি)ৰ সম্পাদক হিচাবেও কাৰ্য্যনিৰ্বাহ কৰিছিল৷আনহাতে,লৰমা কালী মন্দিৰ,গাওঁ উন্নয়ন সমিতি আদি কৰি বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত হৈ আছিল৷শিক্ষকতা জীৱনত এজন সুদক্ষ শিক্ষক হিচাপে বিবেচিত হোৱাৰ উপৰিও নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ পৰা কৃতী শিক্ষকৰ বঁটা পাবলৈ সক্ষম হৈ দেহাৰকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে৷তেওঁৰ মৃত্যুত অঞ্চলটোৰ দল-সংগঠনসমূহে গভীৰ শোক প্ৰকাশ কৰিছে।

Your Comments