মহামাৰী ক'ৰোনাৰ বাবে সম্প্ৰতি সমগ্ৰ দেশখনে এক জটিল পৰিস্থিতিৰ মোকাবিলা কৰি আছে।এফালে দেশৰ স্বাস্থ্যকৰ্মী সকলে মহামাৰী কোভিড-১৯ৰ বিৰুদ্ধে অহৰহ যুঁজ দি থকাৰ বিপৰীতে দেশৰ সীমান্তত সদা সষ্টম আছে বীৰ জোৱানসকল।কিন্তু তাৰ মাজতে সোমবাৰে সন্ত্ৰাসবাদীৰ এক নিৰ্মম আক্ৰমণৰ ফলত দেশৰ তিনিজনকৈ বীৰ জোৱান শ্বহীদ হয়।এই ঘটনাটো সংঘটিত হৈছে জম্ম-কাশ্মীৰৰ বাৰামুলাত।জানিব পৰা ম'তে সোমবাৰে বাৰামুলাত চিআৰপিএফ এটা দলৰ ওপৰত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জঈচ ই মহম্মদৰ দলে অৰ্তকিতে আক্ৰমণ কৰে।ইয়াৰ লগে লগে দুইপক্ষৰ মাজত বহুসময়লৈকে নেৰানেপেৰা গুলিচালনা অব্যাহত থাকে। কিন্তু দুৰ্ভাগ্যক্ৰমে এই আক্ৰমনৰ ফলত এগৰাকী আৰক্ষী জোৱানকে ধৰি দুগৰাকী চিআৰপিএফ জোৱান নিহত হয়।আনহাতে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আইজি বিজয় কুমাৰে মন্তব্য কৰি কয়-"ঘন কুঁৱলীৰ বাবেই সন্ত্ৰাসবাদী দলটোৱে অতি সহজে এই আক্ৰমণ কৰিবলৈ সক্ষম হয়।সম্প্ৰতি গোটেই অঞ্চলটোতে অভিযান চলাই থকা হৈছে,কিয়নো সন্ত্ৰাসবাদী দলটো এই অঞ্চলতে লুকাই থকাৰ পূৰ্ণ সম্ভাৱনা আছে।"
- Log in to post comments
- 12 views