একেৰাহে দ্বিতীয় দিনাও বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।চৰকাৰী তেল কোম্পানী ইণ্ডিয়ান অইল (IOC), ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (BPCL) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেচন লিমিটেডে (HPCL) একেৰাহে দ্বিতীয় দিনা কৰিলে পেট্ৰ’লৰ মূল্য।
সোমবাৰে গুৱাহাটীত ৩৩ পইচা মূল্য হ্ৰাস হৈ প্ৰতিলিটাৰ পেট্ৰ’ল দাম হৈছে ৮৪.৮০ টকা। সেইদৰে ডিজেলৰ মূল্য ৪৩ পইচা হ্ৰাস পাই মূল্য হৈছে ৮০.২০টকা ।
আনহাতে সোমবাৰৰ মূল্যবৃদ্ধিৰ পিছত দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ৮০.৭৩ টকা আৰু ৭৩.৫৬ টকা ।আনহাতে মুম্বাইত পেট্ৰ’লৰ মূল্য ৮৭.৪৫ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ৮০.১১ টকালৈ বৃদ্ধি পাইছে। অৱশ্যে এইক্ষেত্ৰত ডিজেলৰ মূল্যৰ কোনো সলনি হোৱা নাই। আনহাতে দেশৰ অন্যতম বৃহৎ তেল কোম্পানী ইণ্ডিয়ান অইলে গ্ৰাহকৰ সুবিধাৰ্থে এক এছএমএছ সুবিধাৰ ব্যৱস্থা কৰিছে যাৰ দ্বাৰা গ্ৰাহকে ঘৰত থাকিয়েই পেট্ৰ'লৰ দৈনিক মূল্য চেক কৰিব পাৰিব।
ইণ্ডিয়ান অইলৰ উপভোক্তাই RSP<ডিলাৰ কোড>লিখি 9224992249 নম্বৰত আৰু বিপিচিএল উপভোক্তাই RSP<ডিলাৰ কোড> লিখি 9223112222 নম্বৰত পঠিয়াব পাৰে। এচপিচিএল উপভোক্তাই HPPRICE<ডিলাৰ কোড>লিখি 9222201122 নম্বৰত পঠিয়াব পাৰে
- Log in to post comments
- 15 views