এম এছ ধোনীক ৰাজনীতিত যোগ দি ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আহ্বান 

M S Dhoni

ভাৰতক দুটাকৈ বিশ্বকাপ জয়ী কৰোৱা অধিনায়ক এম এছ ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'লে।জনপ্ৰিয় ক্ৰিকেটাৰজনে এতিয়া ৰাজনীতিত যোগদান কৰাটো উচিত বুলি মত ব্যক্ত কৰিছে একাংশ ৰাজনৈতিক নেতাই।জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমণিয়ম স্বামীয়ে মত প্ৰকাশ কৰিছে যে এম এছ ধোনীয়ে ৰাজনীতিত যোগ দি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দৰকাৰ।তেওঁ কয় যে ক্ৰিকেটত দলৰ নেতৃত্ব দিয়াৰ যি ক্ষমতা ধোনীয়ে প্ৰদৰ্শন কৰিছে,দেশৰ সাৰ্বজনীন জীৱনত তেনে নেতৃত্ব-ক্ষমতাৰ বৰ প্ৰয়োজন।

Your Comments