"ভাৰতে বিস্তাৰবাদ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যথোপযুক্তভাৱে যুঁজিছে,পৰাস্ত কৰি আহিছে"-লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোডী

PM Modi

ৰাষ্ট্ৰই আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে।এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে।লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে।প্ৰধানমন্ত্ৰীয়ে দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী হিচাপে সপ্তমবাৰ লালকিল্লাৰ পৰা দেশবাসীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰা নৰেন্দ্ৰ মোডীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ বাবে দেশবাসীয়ে সংকল্প গ্ৰহণ কৰি প্ৰয়াসৰত হ'ব লাগিব।মোডীয়ে 'মেক ইন ইণ্ডিয়া'ৰ লগতে 'মেক ফ'ৰ ৱৰ্ল্ড'ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।লগতে,তেওঁ ৰাষ্ট্ৰবাসীক 'ভোকেল ফ'ৰ লোকেল'ত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।দেশলৈ যথেষ্ট পৰিমাণৰ বিদেশী বিনিয়োগ আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে এফডিআইয়ে বৰ্তমান অভিলেখ ভংগ কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চীন আৰু পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ কয় যে ভাৰত বিস্তাৰবাদ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যথোপযুক্তভাৱে যুঁজিছে আৰু পৰাস্ত কৰি আহিছে।প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ বক্তব্যত দেশৰ ক'ৰ'না যোদ্ধা সকলৰ শলাগ লয়।লগতে তেওঁ উল্লেখ কৰে যে ভাৰতত তিনিটা ক'ৰ'না ভেকচিনৰ পৰীক্ষা-নিৰীক্ষা চলি আছে।ভাৰতবাসীক ভেকচিন প্ৰদান কৰি ক'ৰ'নাৰ পৰা সুৰক্ষিত কৰা হ'ব।

Your Comments