স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

এক অনুপ্ৰেৰণামূলক কাহিনী ৷ কাহিনী বুলি কোৱা হৈছে যদিও এয়া কোনো সাহিত্য বা ৰূপকথাৰ কাহিনী নহয় ৷ এয়া এক জীৱন্ত কাহিনী ৷ জীৱন্ত কিংবদন্তী ৷ বাস্তৱ সত্য, প্ৰেৰণাৰ অনন্য উৎস ৷

হয়, যিমানে পাতনি লেখা যায় সিমানে কম হ'ব এই কাহিনীৰ আঁৰৰ কাহিনী প্ৰকাশ কৰিবলৈ ৷ কলমেও বিচাৰি নাপায় শব্দ, মগজুৱে ঢুকি নাপায় চিন্তা ৷

সহজভাৱে ক'বলৈ গ'লে আত্মবিশ্বাস, একাগ্ৰতা, কঠোৰ অনুশীলন, স্থিৰ লক্ষ্য আৰু লক্ষ্যপ্ৰাপ্তিৰ বাবে কৰা হাবিয়াসৰে অন্য নাম স্বপ্না বৰ্মন নামৰ এগৰাকী অসাধাৰণ যুৱতী ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

যিগৰাকী ২১ বছৰীয়া যুৱতী এতিয়া কোটি কোটি ভাৰতীয়ৰ নয়নৰ মণি, আদৰ্শৰ প্ৰতীক আৰু যুৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ৷ যাৰ চমৎকৃত ক্ৰীড়াশৈলী সমগ্ৰ এছিয়াই ৰ লাগি চাই ৰ'ল ৷

বিশ্বৰ ক্ৰীড়া জগতত আলোড়নৰ সৃষ্টি হ'ল ৷ ভাৰতীয় ক্ৰীড়া ইতিহাসত সংযোজন ঘটিল এক নতুন অধ্যায়, নৱযুগৰ ৷

২০১৮ৰ এছিয়ান গেমছত ভাৰতে মিশ্ৰিত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ অৱশ্যে দুই-এটা শিতানক বাদ দি প্ৰায় আশা কৰা ধৰণেই এইবাৰৰ এছিয়াডত ভাৰতীয় খেলুৱৈসকলে প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

এইবাৰৰ এছিয়াডত ভাৰতৰ ক্ৰীড়া জগতত উন্মোচিত হৈছে কেইবাটাও প্ৰতিশ্ৰুতিসম্পন্ন দিশ ৷ উদ্ভাসিত হৈছে ন ন ক্ৰীড়া প্ৰতিভা ৷ বহুকেইটা বিভাগত ভাৰতৰ ক্ৰীড়াবিদে দপ্‌দপাবলৈ সক্ষম হৈছে ৷

এফালে অসমৰ হৈ যেনেদৰে ইতিহাস সৃষ্টিৰে হিমা দাসে অসামান্য প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে, আনফালে আকৌ পি ভি সিন্ধুৰ দৰে শ্বাটলাৰে ইতিহাস ৰচিবলৈ সক্ষম হৈছে ৷

তাৰ লগে লগে প্ৰকাশিত হৈছে বহুকেইগৰাকী ক্ৰীড়া প্ৰতিভাৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশ, যাক জানিবলৈ এতিয়া ভাৰতীয় ক্ৰীড়ানুৰাগী অধিক উৎসুক হৈ পৰিছে ৷ ইতিমধ্য আমি সকলোৱে কম-বেছি পৰিমাণে অসম গৌৰৱ হিমা দাসৰ জীৱন পৰিক্ৰমা, ঘাত-প্ৰতিঘাত আদিৰ বিষয়ে জানিব পাৰিছোঁ ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

আজি আমি উল্লেখ কৰিব বিচাৰিছোঁ এনে এগৰাকী ভাৰতীয় ক্ৰীড়া প্ৰতিভাৰ বিষয়ে, যিয়ে ইতিমধ্যে ইতিহাস সৃষ্টিৰে ভাৰতীয় ক্ৰীড়াত এক নতুন যুগৰ সূচনা কৰিলে ৷ সেইগৰাকী বিস্ময় প্ৰতিভাই হ'ল স্বপ্না বৰ্মন ৷

এইগৰাকী বোকাৰ পদুমৰ জীৱনৰ কিছু কথা ইয়াত উল্লেখ কৰাৰ প্ৰয়াস কৰা হৈছে ৷ স্বপ্না বৰ্মন হ'ল ২০১৮ৰ এছিয়ান গেমছৰ হেপ্টাথলনত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী  ভাৰতীয় ৷

এছিয়ান গেমছতে নহয়, এই বিভাগটোত স্বপ্নাৰ পূৰ্বে কোনো ভাৰতীয়ই পদক লাভ কৰবলৈ সক্ষম হোৱা নাছিল ৷ এগৰাকী সাধাৰণ ৰিক্সাৱালাৰ জীয়াৰী স্বপ্না বৰ্মনে হেপ্টাথলনত লিখিলে ভাৰতৰ স্বৰ্ণিল ইতিহাস ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

স্বৰ্ণজয়ী স্বপ্নাৰ পিছে জীৱনটো আপুনি মই ভবাৰ দৰে এক সাধাৰণ জীৱন নহয় ৷ জীৱনৰ খলা-বমা পথ অতিক্ৰমি বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি এছিয়ান গেমছত ভাৰতীয় দলৰ প্ৰতিনিধি হোৱাৰ সুযোগ পোৱা স্বপ্নাৰ জীৱনত আছে বহু দুখজনক অভিজ্ঞতা ৷

দুয়োখন ভৰিত ছটাকৈ আঙুলিৰে জন্মলাভ কৰা স্বপ্নাই জন্মৰে পৰাই পাইছিল ওচৰ-চুবুৰীয়াৰ পৰা অমংগলীয়া-কুলক্ষণীয়াৰ অভিধা ৷ জনা হোৱাৰ পিছত এই কথাবোৰে তাইক মানসিক আঘাত দিছিল ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

জনা হোৱাৰ পিছত এই কথাবোৰে তাইক মানসিক আঘাত দিছিল যদিও তথাপি তাই বিচলিত হোৱা নাছিল ৷ অভিশাপক আশীৰ্বাদলৈ পৰিণত কৰাৰ দুৰ্বাৰ হেঁপাহ মনত পুহি ৰাখিছিল ৷

তাৰবাবে তেওঁ আৰম্ভ কৰিছিল কঠোৰ সাধনা ৷ এফালে দিনটো ৰিক্সা চলাই আহি উপাৰ্জন কৰা সীমিত ধনেৰে পৰিয়ালটো পোহপাল দিবলৈ অসমৰ্থ পিতৃক সহায়ৰ হাত আগবঢ়াইছিল মাতৃয়ে লোকৰ ঘৰত কাম কৰি ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

আৰম্ভণিতে স্বপ্নাই প্ৰয়োজনীয় প্ৰশিক্ষণৰ বাবে ধন যোগাৰ কৰিব পৰা নাছিল ৷ তেনে সময়তে দেউতাক পঞ্চানন বৰ্মন দুবাৰকৈ ষ্ট্ৰ'কত আক্ৰান্ত হৈ পক্ষাঘাত ৰোগত শয্যাশায়ী হ'বলগা হয় ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

তেনে সময়ত মাকে লোকৰ ঘৰত কাম কৰি আৰু বাগানত চাহপাত ছিঙি ঘৰ চলোৱাৰ লগতে স্বপ্নাৰ অনুশীলন তথা অন্যান্য খৰচ যোগাৰ কৰিবলগা হয় ৷ এনেদৰে প্ৰশিক্ষণ আৰু খেলৰ অন্যান্য সা-সৰঞ্জামৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হৈ থকাৰ সময়তে মহান ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ে তেওঁলৈ আগবঢ়ায় সহায়ৰ হাত ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

 স্বপ্নাৰ খেলত বিধিপথালি দিয়া আন এক সমস্যা আছিল তেওঁৰ ভৰিৰ আঙুলিৰ অস্বাভিৱক সংখ্যা ৷ কিয়নো সাধাৰণতে পাঁচ আঙুলিৰ ভৰিৰ বাবে জোতা উপলব্ধ যদিও ছয় আঙুলিৰ ভৰিৰ জোতাৰ বাবে স্বপ্নাই আন এক সমস্যাৰ সন্মুখীন হ'বলগা হয় ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

আনহাতে, খেলৰ বাবে প্ৰয়োজন হয় বিশেষ জোতাৰ ৷ আগতে জোতা পাইছিল যদিও বৰ্তমান নাই ৷ উপায়ন্তৰ হৈ স্বপ্নাই পাঁচ আঙুলীয়া সাধাৰণ জোতাৰেই খেলত অংশগ্ৰহণ কৰিবলগীয়া হয় ৷

জলপাইগুৰিৰ এখন সৰু গাঁও ঘোষপাৰাত জন্মগ্ৰহণ কৰা স্বপ্নাই এছিয়ান গেমছলৈ নিৰ্বাচিত হোৱাত মাক বাসন্তী বৰ্মনক প্ৰতিশ্ৰুতি দিছিল যে যদি মেডেল নাপায় তেতিয়া ঘৰলৈ ঘুৰি নাহে ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিক্‌ছত অংশগ্ৰহণ কৰি স্বপ্নাই ৰূপৰ পদক পাইছিল ৷ তাৰপৰাই মুকলি হৈছিল স্বপ্নাৰ জাকাৰ্টা যাত্ৰাৰ পথ ৷ কিন্তু সাধাৰণ জোতাৰে কষ্টক জয় কৰি অসাধাৰণ প্ৰতিভাৰে হেপ্টাথলনৰ সাতটাকৈ ইভেণ্ট খেলি দৃঢ় মনোবলৰ পৰিচয় দাঙি ধৰিলে স্বপ্নাই ৷

কেৱল জোতাৰ বাবেই স্বপ্নাই খেলত অসুবিধা পোৱা নাছিল ৷ দুবছৰ পূৰ্বে অনুশীলনত পিঠিত আঘাত পোৱাৰ বাবে স্বপ্না বহু দিন খেলপথাৰৰ পৰা আঁতৰি থাকিবলগীয়াও হৈছিল ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

তাৰপিছত মাহিলি এটাকৈ বেজী ল'বৰ বাবে ফিজিচিয়ান অনন্ত যোশীৰ ওচৰলৈ যাব লাগে, তাকো মুম্বাইলৈ ৷ জাকাৰ্টাত উপস্থিত হৈ সন্মুখীন হৈছিল আন এক সমস্যাৰ ৷ তীব্ৰ দাঁতৰ বিষত প্ৰায় লেবেজান হোৱাৰ দৰে হৈ পৰিছিল ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

তথাপি মনৰ উদ্যমক অৱদমিত হ'ব দিয়া নাছিল স্বপ্নাই ৷ বিষ উপশমৰ বাবে গালত বেণ্ডেজ বান্ধিয়ে প্ৰথমদিনা অংশগ্ৰহণ কৰে চাৰিটাকৈ ইভেণ্টত ৷ তীব্ৰ বিষত ৮০০ মিটাৰত আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলেও দ্বিতীয় স্থানত সামৰে প্ৰথম দিনৰ খেল ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

তাৰপিছৰ খবৰ আপোনালোকক নতুনকৈ জনোৱাৰ প্ৰয়োজন বোধকৰো নাই ৷ কোনো প্ৰতিবন্ধকতাতে থমকি ৰ'ব নিবিচাৰা, আকাশেই প্ৰাপ্তিৰ একমাত্ৰ সীমা হিচাপে লক্ষ্য স্থিৰ কৰি আগবাঢ়া স্বপ্নাই আঁজুৰি আনিলে হেপ্টাথলনৰ স্বৰ্ণ ৷

স্বপ্নৰ স্বৰ্ণ জিনা ৰিক্সাৱালাৰ দুহিতা স্বপ্নাৰ স্বৰ্ণ কথা

তেওঁৰ সাফল্যত নিজৰ আৱেগক বাধা দি ৰাখিব নোৱাৰা মাতৃয়ে সেয়ে কান্দি কান্দি কালী মাৰ সন্মুখত দীঘল দি পৰি জনালে কৃতজ্ঞতা ৷ এতিয়া জলপাইগুৰিৰ ঘোষপাৰাৰ ৰাজবংশী পৰিয়ালৰ বৰ্মন সম্প্ৰদায়ৰ এসময়ৰ অখ্যাত কিন্তু অদ্ভূত প্ৰতিভাৰ ১২ আঙুলীয়া স্বপ্না বৰ্মন দেশবাসীৰ স্বপ্নৰ স্বপ্না ৷

Your Comments