#মুফতি খাইৰুল ইছলামৰ জানাজাত বৃহৎসংখ্যক লোকৰ সমাৱেশ হোৱাৰ প্ৰসংগত দুটাকৈ গোচৰ ৰুজু#
#নগাঁৱত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা ৮০৪ লৈ বৃদ্ধি#
নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও জিলাৰ জুৰীয়াৰ তিনিটা স্থানত সাতদিনৰ বাবে 'লকডাউন' ঘোষণা কৰিছে নগাঁও জিলা উপায়ুক্তই।উল্লেখযোগ্য যে উত্তৰ-পূব ভাৰতৰ আমিৰে শ্বৰিয়ত মুফতি খাইৰুল ইছলামৰ জানাজাত বৃহৎসংখ্যক লোকৰ সমাৱেশ হোৱাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।ইয়াৰ পিচতে শনিবাৰে সন্ধিয়া ৬-৩০ বজাত এই সন্দৰ্ভত নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই এখন সংবাদমেল সম্বোধন কৰে।সংবাদমেলত উপস্থিত থাকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৱৰ ৷সংবাদমেলত জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰা হয় যে আৰক্ষী আৰু দণ্ডাধীশৰ বুজনি অগাহ্য কৰিছিল সমবেত লোকসকলে।এই সম্পৰ্কত ধিঙৰ চক্ৰ বিষয়াই দিয়া এজাহাৰৰ ভিত্তিত আৰু আৰক্ষীয়ে নিজাববীয়াকৈ জুৰীয়া আৰক্ষী থানাত ডি এম এক্টৰ অধীনত ২৫৯/২০২০ আৰু ২৬২/২০২০ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলিও উপায়ুক্তজনে সদৰি কৰে ।উপায়ুক্তজনে সদৰি কৰামতে মুফতি খাইৰুল ইছলামৰ জানাজাত হোৱা বৃহৎ সমাগমৰ বাবে জুৰীয়াৰ দগাঁও,পৰমাইভেটি আৰু ধিং গাঁৱত সাতদিনৰ বাবে দেওবাৰৰ বিয়লি তিনি বজাৰ পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷এই সময়ছোৱাত কোনো লোক সেই এলেকাত সোমাব আৰু ওলাব নোৱাৰিব।আইন ভংগকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰো সিদ্ধান্ত লয় জিলা প্ৰশাসনে।
- Log in to post comments
- 31 views