বিহাৰত বিজেপি-জে ডি (ইউ)ৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত

বিহাৰত বিজেপি-জে ডি (ইউ)ৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত

অহা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এন ডি এৰ অংশীদাৰ হিচাপেই প্ৰতিদ্বন্দ্বিতা কৰিব নীতিশ কুমাৰৰ জে ডি (ইউ)য়ে ৷ ইতিমধ্যে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহেৰে আলোচনা কৰি আসন বুজাবুজি চূড়ান্ত কৰিছে বিহাৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ৷

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী আদিকে ধৰি বিৰোধী দলবিলাকে বিজেপি তথা এন ডি এৰ বিৰুদ্ধে মহাজোঁট গঠনৰ তৎপৰতা চলাই থাকিলেও বাস্তৱ ক্ষেত্ৰত তেওঁলোকৰ এই প্ৰচেষ্টা এতিয়াও বিশেষ সফল হোবাগৈ নাই ৷

তেনে পৰিস্থিতিৰ মাজতেই নীতিশ কুমাৰৰ দলে যাতে বিৰোধী পক্ষলৈ গুচি নাযায় তাৰবাবে পূৰ্বৰে পৰা সতৰ্ক হৈ পৰিছিল অমিত শ্বাহহঁতে ৷ বিজেপি আৰু জে ডি (ইউ)ৰ সূত্ৰ মতে, বিহাৰৰ মুঠ ৪০খন আসনৰ ভিতৰত বিজেপিয়ে ২০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷

বিহাৰত বিজেপি-জে ডি (ইউ)ৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত

আনহাতে, নীতিশ কুমাৰৰ দলে ১২খন আসনত আৰু ৰামবিলাস পাছোৱানাৰ লোক জনশক্তি পাৰ্টীয়ে ৫খন আসনত প্ৰতিদ্বান্দ্বিতা কৰিব ৷ বাকী তিনিখন আসনত বিজেপিৰ অন্যান্য সৰু সৰু মিত্ৰদলে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

এন ডি এৰ এক সৰু সহযোগী ৰাষ্ট্ৰীয় লোক ক্ষমতা পাৰ্টী যদি এই মৰ্চাত থাকে তেনেহ’লে এই দলটোক দুখন আসন দিয়া হ’ব ৷ কিছুদিন আগলৈকেও বিজেপিৰ দলিতবিৰোধী নীতিৰ চোকা সমালোচনা কৰি অহা এই সৰু দলটোৰ নেতা উপেন্দ্ৰ কুশ্ব'ৱাহাই ইতিমধ্যে ইঙ্গিত দিছে যে এন ডি এৰ অংশীদাৰ হিচাপেই তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷

বিহাৰত বিজেপি-জে ডি (ইউ)ৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত

তেওঁ অলপতে কয়, নৰেন্দ্ৰ মোডীক প্ৰধান মন্ত্ৰী পদৰ বাবে যাতে দ্বিতীয়বাৰ সুযোগ দিয়া হয় তাৰবাবে তেওঁ ব্যাপক প্ৰচাৰ চলাব ৷ তেওঁৰ এই মন্তব্যত স্পষ্ট হৈ পৰিছে যে তেওঁৰ দলে এন ডি এৰ অংশীদাৰ হিচাপেই নিৰ্বাচনত যুঁজিব ৷

কুশ্ব’ৱাহাৰ দলক বিজেপিয়ে দুখন আসন এৰি দিয়াটো নিশ্চিত ৷ বিজেপিৰ সূত্ৰই জনায় যে বিজেপিয়ে ২০খন আসন নিজৰ হাতত ৰাখিছে যদিও ইয়াৰে কিছু আসন এন ডি এৰ অন্যান্য সৰু সৰু মিত্ৰ দলক এৰি দিয়া হ’ব ৷

উল্লেখ্য যে যোৱা জুন মাহত মুখ্য মন্ত্ৰী নীতিশ কুমাৰে বিহাৰৰ ৪০খন আসনৰ ভিতৰত ১৭খন আসনৰ দাবী কৰি বিজেপিক চৰ্ত বান্ধি দিয়াত দুয়োটা দলৰ ভিতৰত সংঘাত আৰম্ভ হৈছিল ৷

বিহাৰত বিজেপি-জে ডি (ইউ)ৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত

সেই সংঘাতৰ পৰিপ্ৰেক্ষিতত নীতিশ কুমাৰে এন ডি এ এৰি বিজেপিবিৰোধী মহাজোঁটত যোগ দিব পাৰে বুলিও গুণাগঁথা আৰম্ভ হৈছিল ৷ কিন্তু সকলো জল্পনা-কল্পনাত পানী ঢালি বিজেপিৰ সভাপতি অমিত শ্বাহ পাটনালৈ দৌৰি আহে আৰু নীতিশ কুমাৰৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ সংঘাত নিৰসন কৰে ৷

তাৰপিছৰে পৰাই দুয়োটা দলৰ মাজত হোৱা কেইবালানি আলোচনা আৰু বুজাবুজিৰ পিছত আসন ভাগবটোৱাৰা চূড়ান্ত কৰা হয় ৷ এতিয়ালৈকেও এই আসন ভাগবটোৱাৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও বিজেপি সভাপতি অমিত শ্বাহ শীঘ্ৰেই পাটনালৈ আহিব আৰু তেতিয়াই এই বুজাবুজিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ৷

বিহাৰত বিজেপি-জে ডি (ইউ)ৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত

উল্লেখ্য যে বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিহাৰত বিজেপিয়ে অকলেই ২২খন আসন লাভ কৰিছিল ৷ সেইবাৰ লালুপ্ৰসাদৰ আৰ জে ডিৰে মিত্ৰতা কৰি নীতিশ কুমাৰৰ দলে মাত্ৰ দুখন আসনতহে জয়লাভ কৰিছিল ৷ এইবাৰ নীতিশ কুমাৰক এন ডি এত ধৰি ৰাখিবলৈ পূৰ্বে জিকি অহা বহু আসন বিজেপিয়ে জে ডি(ইউ)ক এৰি দিবলৈ বাধ্য হৈছে ৷ 
 

Your Comments