'স্বৰ্ণ কন্যা'ৰ স্বৰ্ণ জয় : এছিয়ান গেমছত হেট্ৰিক হিমা দাসৰ

'স্বৰ্ণ কন্যা'ৰ স্বৰ্ণ জয় : এছিয়ান গেমছত হেট্ৰিক হিমা দাসৰ

অসমৰ ক্ৰীড়া ইতিহাসত ৰচিত হ'ল এক স্বৰ্ণিল অধ্যায়ৰ ৷

এছিয়ান গেমছত তিনিটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়াৰ বিৰল সন্মান লাভ কৰিলে অসম কন্যা হিমা দাসে ৷

উল্লেখ্য যে ৫২ বছৰ পূৰ্বে এছিয়াডত অসমৰ হৈ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই ৷

দুটা ৰূপ আৰু এটা সোণেৰে হিমা দাসে ৰচিলে এই নতুন ইতিহাস ৷

৪x৪০০ মিটাৰ মহিলাৰ ৰিলেত আজি ভাৰতীয় দলটোৱে প্ৰদৰ্শন কৰে দুৰ্দান্ত খেল ৷

আজিৰ খেলত নেতৃত্ব দিছিল হিমা দাসে ৷ হিমাৰ দুৰ্দান্ত আৰম্ভণিৰ বাবেই ভাৰতীয় দলটোৱে লাভ কৰিবলৈ সক্ষম হয় স্বৰ্ণ পদক ৷ এই পদক অৰ্জন কৰিবলৈ তেওঁলোকে সময় লৈছিল ৩:২৮:৭২ মিনিট।

ভাৰতীয় দলটোত থকা আন তিনিগৰাকী খেলুৱৈ হ'ল আৰ পুভাম্মা, ভি কে ভিস্মায়া আৰু সৰিতাবেন গাইকোৱাড় ৷

আনহাতে বাহৰেইনে ৰূপ আৰু ভিয়েটনামে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

Your Comments