বিশিষ্ট শিক্ষাবিদ-দমদমা ৰত্ন বঙ্কিম চন্দ্ৰ শৰ্মালৈ অসম সাহিত্য সভাৰ শ্রদ্ধাঞ্জলি

Hajo

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো অঞ্চলৰ এগৰাকী অভিভাৱক,বিশিষ্ট শিক্ষাবিদ,দমদমা ৰত্ন তথা সমাজকৰ্মী বঙ্কিম  চন্দ্ৰ শৰ্মাই যোৱা ১২ জুনত সকলোকে শোক সাগৰত পেলাই ইহ সংসাৰৰ পৰা চিৰবিদায় লয়।তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিভিন্ন দল-সংগঠন,ব্যক্তিয়ে প্ৰয়াত শিক্ষাবিদগৰাকীৰ দমদমাস্থিত বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।বুুুধবাৰে বিয়লি অসম সাহিত্য সভাৰ লগতে কামৰূপ জিলা সাহিত্য সভাৰ এটা প্ৰতিনিধিৰ দল প্ৰয়াত শিক্ষাবিদগৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।লগতে প্ৰয়াত শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।দলটোৱে তেওঁৰ সহধৰ্মিণীৰ হাতত অসম সাহিত্য সভাৰ তৰফৰ পৰা এটা শোকবাৰ্তাও অৰ্পণ কৰে।দলটোত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ  চন্দ্ৰ শৰ্মা,পত্ৰিকা সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা,সদস্য থানেশ্বৰ মালাকাৰ,মুখপাত্ৰ ড° সঞ্জীত শৰ্মা,নাট্যকাৰ তথা নলবাৰী সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা,কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতী,সম্পাদক ৰাজেন মহন্ত,দমদমা সাহিত্য সভাৰ সভাপতি কনক শৰ্মা,উপ-সভাপতি ফণীধৰ মালাকাৰ,সদস্যদ্বয় প্ৰমোদ চন্দ্ৰ  কলিতা,শৰৎ  চন্দ্ৰ মালাকাৰকে ধৰি কেইবাগৰাকী সদস্য উপস্থিত থাকে।

Your Comments