কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
বিগত কেইবাসপ্তাহ ধৰি ভাৰত-চীন সীমান্তত চলি থকা সীমা বিবাদ তথা সংঘাতৰ পৰিনতিত ভাৰতীয় সেনাৰ কৰ্ণেল পৰ্যায়ৰ বিষয়াসহ ২০ গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ ঘটনাৰ বাবে চীনা ৰাষ্ট্ৰপতি জি জিংপিঙক জগৰীয়া কৰি বুধবাৰে কলিয়াবৰ যুৱ কংগ্ৰেছৰ উদ্যোগত কুঁৱৰীটোলত জি জিংপিঙৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী পালন কৰে।
যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী,চামগুৰি সমষ্টিৰ বিধায়ক তথা জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰে।কলিয়াবৰৰ কুঁৱৰীটোল বকুলতলত অনুষ্ঠিত প্ৰতিকৃতি দাহ কাৰ্যসূচীত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ,যুৱ কংগ্ৰেছ,মহিলা কংগ্ৰেছ,এনএছইউআইকেধৰি ভাতৃ সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকলো উপস্থিত থাকে।
- Log in to post comments
- 15 views