জনসম্পৰ্ক ৰক্ষাৰ বাবে তৎপৰতা নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ

Ashok Sarma

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ প্ৰথম বৰ্ষপূতি তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ‍্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূতি উপলক্ষে অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰলৈ গৈ 'জনসম্পৰ্ক' কৰাৰ যি লক্ষ্য স্থিৰ কৰা হৈছে,সেই সন্দৰ্ভত মঙলবাৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই তৎপৰতা দেখুওৱা পৰিলক্ষিত হয়।বিধায়কগৰাকীয়ে নলবাৰী জিলাৰ সভাপতি ডাঃ মৃগাঙ্ক তালুকদাৰ আৰু নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাসহ ভালেসংখ্যক কাৰ্যকৰ্তাক লগত লৈ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিওটা মণ্ডলতে ঘৰে ঘৰে গৈ জনসম্পৰ্ক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।

Your Comments