চৰাইদেউৰ পৰা ঘন বৰা:
চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা(স্বতন্ত্ৰ)আৰু গড়কাপ্টানী(ৰাজ্যিক)বিভাগৰ মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলাৰ চৰকাৰী ১৮ গৰাকী গাঁওবুঢ়াৰ মাজত বিনামূলীয়া স্মাৰ্ট ম'বাইল ফোন বিতৰণ কৰে।এই উপলক্ষে জিলা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। বৈঠকত জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ,অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসকে ধৰি বিষয়া-কৰ্মচাৰীসকল আৰু গাঁওবুঢ়াসকল উপস্থিত আছিল।
- Log in to post comments
- 9 views