বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁৱৰ মূলাগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত জেল্কাঝাৰ দ্বিতীয় খণ্ডত দেওবাৰে 'মিলিজুলি শিবিৰ' নামেৰে এটা কোৱাৰেণ্টাইন কেন্দ্ৰ মুকলি কৰা হয়।এই মিলিজুলি শিবিৰটো মুকলি কৰে ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী তথা বঙাইগাঁৱৰ স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে।শিবিৰ মুকলি অনুষ্ঠানত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া,জিলা উন্নয়ন আয়ুক্ত,জিলাৰ অতিৰিক্ত উপায়ুক্তসকলৰ লগতে মূলাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী আদি উপস্থিত আছিল।উল্লেখ্য যে মূলাগাঁও গাঁও পঞ্চায়তৰ তৰফৰ পৰা নিৰ্মাণ কৰা এই মিলিজুলি শিবিৰটোত বহিঃৰাজ্যৰ পৰা অহা অঞ্চলটোৰ লোকক কোৱাৰেণ্টাইনত ৰখা হ'ব।প্ৰাকৃতিক তথা মুকলি পৰিৱেশৰ মাজত স্থাপন কৰা শিবিৰটোৰ গৃৃহসমূহ কোটেজৰ দৰে নিৰ্মাণ কৰা হৈছে।শিবিৰটোত এঘাৰটা চাংঘৰ আৰ্হিৰ গৃৃহ আছে আৰু প্ৰতিটো গৃহত এজনকৈ ব্যক্তি থকাৰ বাবে বিচনা,বিজুলী চাকি,পাংখাকে ধৰি প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰা হৈছে।সেইদৰে কোৱাৰেণ্টাইনত থকা প্ৰতিটো গৃহৰ ব্যক্তিৰ বাবে শিবিৰ চৌহদতে পৃথক পৃথক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে।
তদুপৰি, ব্যক্তিসকলে যদি গৃহৰ বাহিৰত বহিবলৈ বিচাৰে,তেতিয়াহ'লে গৃহসমূহৰ সন্মুখতে বাঁহৰ চকী একোখন নিৰ্মাণ কৰা হৈছে।শিবিৰৰ গৃহসমূহৰ বিপৰীতে ১ ৰ পৰা ১১ লৈ একোটা নিৰ্দিষ্ট ক্ৰমিক নম্বৰ দিয়া হৈছে আৰু সেই নম্বৰৰ ব্যক্তিজনে নিজৰ নম্বৰৰ শৌচাগাৰ,চকী ব্যৱহাৰ কৰিব লাগিব।উল্লেখ্য যে শিবিৰ চৌদহত কল গছ,তামোল,ফুল আদি ৰোপণ কৰাও হৈছে।যদিওবা অস্থায়ীভাৱে শিবিৰটো নিৰ্মাণ কৰা হৈছে তথাপি পৰিৱেশটোক দিয়া হৈছে অনন্য ৰূপ।অৰ্থাৎ কোৱাৰেণ্টাইনত থকাসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায়, তাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ইফালে,শিবিৰটো মুকলি কৰি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে আমাৰ যিখন সংগ্ৰাম চলি আছে,এই সংগ্ৰামখন দীঘলীয়া হ'ব।যদি দীঘলীয়া হয় তেতিয়াহ'লে আমি বিদ্যালয় -মহাবিদ্যালয়সমূহক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীসকলক অন্যায় কৰা হ'ব।সেয়ে আমি জিলা প্ৰশাসনে এটা চিন্তা কৰিছোঁঁ যাতে এই সংগ্ৰামখন দীঘলীয়া হ'লেও বিদ্যালয়-মহাবিদ্যালয়সমূহ খুলিব পৰা যায় আৰু বিদ্যালয়-মহাবিদ্যালয়সমূহক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ নকৰি তাৰ বিকল্প হিচাপে বাহিৰত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিব পৰা যায়।তাৰ প্ৰচেষ্টা হিচাপে এই মিলিজুলি শিবিৰটো মুকলি কৰা হৈছে।তেওঁ আৰু কয় যে মূলাগাঁও গাওঁ পঞ্চায়তত যি ব্যৱস্থা গ্ৰহণ কৰা হ'ল,অনুৰূপ ব্যৱস্থা জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়ততে গ্ৰহণ কৰাৰ বাবেও পৰিকল্পনা কৰা হৈছে।যদিহে এই পৰিকল্পনা সফল হয়,তেতিয়াহ'লে নিশ্চিতভাৱে বঙাইগাঁও জিলাত যিসমূহ শিক্ষানুষ্ঠান আছে,সেইসমূহ শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ পৰা আতৰত ৰাখিম আৰু শিক্ষানুষ্ঠানসমূহ মুকলি কৰি দিব পাৰিম ৷ তদুপৰি,এতিয়া বানপানী আহি আছে ৷ বানপানীৰ সময়ত তথা গড়াখহনীয়াৰ বাবে ৰাইজক আশ্ৰয় শিবিৰত ৰাখিবলগীয়া হয় ৷ আশ্ৰয় শিবিৰ হিচাপে বিদ্যালয়মূহ ব্যৱহাৰ কৰা হয়।সেয়ে যদি প্ৰতিখন বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হয়,তেতিয়াহ'লে বানপানীত ক্ষতিগ্ৰস্ত হৈ যিসকল লোক শিবিৰত আহিবলগীয়া হ'ব তেওঁলোকক ৰাখিবলৈকো আমাৰ অসুবিধা হ'ব।এনে ধৰণৰ সকলো কথা চালি-জাৰি চাই জিলা প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ক'ৰ'না মহামাৰী সন্দৰ্ভত এনে ধৰণেৰে আছুতীয়াকৈ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ বাহিৰত কৰিব পাৰি নেকি আৰু তাৰে প্ৰথম পদক্ষেপ হিচাপে এই শিবিৰটো মুকলি কৰা হৈছে।ইয়াৰ বাবে তেওঁ জিলা প্ৰশাসনক ধন্যবাদো জনায়।আনহাতে,জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কয় যে এই শিবিৰটো মূলাগাঁও গাঁও পঞ্চায়তৰ তৰফৰ পৰা স্থাপন কৰিছে।এই শিবিৰটোত বহিঃৰাজ্যৰ পৰা অঞ্চলটোৰ যিসকল ব্যক্তি ঘৰলৈ বুলি ওভতি আহিব,তেওঁলোকক ইয়াত কোৱাৰেণ্টাইনত ৰখা হ'ব।আমি প্ৰতিখন গাঁও পঞ্চায়ততে এনে ব্যৱস্থা গঢ়ি তোলাৰ বাবে চেষ্টা কৰি আছোঁঁ আৰু যিসমূহ বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে আছে সেইবোৰ লাহে লাহে মুকলি কৰি দিব বিচাৰিছোঁঁ।বহিঃৰাজ্যৰ পৰা ওভতি অহা লোকসকলৰ বাবে যি সুবিধা লাগে,সেয়া ৰাজ্য চৰকাৰে কৰি আছে আৰু জিলা প্ৰশাসনেও কৰি আছে।উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কোভিড-১৯ যাতে বিয়পিব নোৱাৰে,তাৰ বাবে গাওঁবাসীৰ সহযোগত বঙাইগাওঁ জিলা প্ৰশাসনে পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।ইতিমধ্যে ৪ মে'ৰ পৰা আন্তঃৰাজ্যিক পৰিবহ আৰু ১২ মে'ৰ পৰা যাত্ৰীবাহী ৰে'লৰ চলাচল আৰম্ভ হোৱা হেতুকে প্ৰায় ৩,৩৯৮ গৰাকী লোক আহি জিলাখনত উপস্থিত হৈছে।সেয়ে,বঙাইগাওঁ জিলা প্ৰশাসনৰ 'মিলিজুলি' প্ৰকল্পৰ অধীনত আন ৰাজ্যৰ পৰা অহা লোকসকলক আছুতীয়াকৈ ৰাখিবলৈ চৰকাৰী সহায়ৰ উপৰিও মূলাগাঁও গাঁও পঞ্চায়তৰ সভাপতি আৰু ৰাইজৰ সহযোগত এই কোৱাৰেণ্টাইন গৃহ সাজি উলিওৱা হৈছে।
- Log in to post comments
- 13 views