কামৰূপৰ বংশৰ-কুলহাটী সংযোগী গড়কাপ্তানি পথলৈ ভাবুকি কঢ়িয়াই আনিছে ভেলামাৰী(ক’লাজল)নদীয়ে:নিৰ্লিপ্ত সংশ্লিষ্ট বিভাগ

Pic

মৃণাল ডেকা,শুৱালকুছি: 

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বংশৰ-কুলহাটী সংযোগী সদাব্যস্ত গড়কাপ্তানি পথটোলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ভেলামাৰী (ক’লাজল)নদীয়ে।ইয়াৰ পিছতো চৰকাৰ,বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিয়ে পথটোৰ উন্নয়নৰ ক্ষেত্ৰত আজিলৈকে গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।উল্লেখ্য যে বৃহত্তৰ শুৱালকুছি অঞ্চলৰ ৰাইজে ৰঙিয়া,হাজো,নলবাৰী , বৰপেটা তথা উত্তৰ অসমৰ বিভিন্ন ঠাইলৈ কম সময়ৰ ভিতৰতে যাতায়ত কৰিব পাৰে এই পথটোৰে।অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ আগমুুহূৰ্তত হুৰমূৰকৈ মেৰামতি কৰিছিল যদিও উক্ত পথটোৰ কাষতে থকা ভেলমাৰী(ক’লাজল)নদীয়ে পথটোৰ কিছু অংশ খহাই নিয়াৰ পৰিণতিত সম্প্ৰতি উক্ত ঠাইত দুৰ্ঘটনাৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে গঞা ৰাইজ।কুলহাটী-মোৱামাৰী দলঙৰ সমীপত উক্ত পথছোৱা বিগত বছৰতো ভেলামাৰী (ক’লাজল)নদীয়ে এছোৱা খহাই নিয়াত পথটোৰে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছিল জনসাধাৰণে।স্থানীয় গঞা ৰাইজে বাঁঁহৰ পাৰ্কুপাইন,বস্তাত মাটি ভৰাই  গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিল।কিন্তু বিগত কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ক’লাজল নদীৰ  বাঢ়নী পানীয়ে পুনৰ পথটোৰ উক্ত স্থানতে খহাই নিয়াত বংশৰ-কুলহাটী সংযোগী পথটোলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ,স্থানীয় বিধায়কৰ সদিচ্ছা নথকাত স্থানীয় বৃহত্তৰ ৰাইজ তথা দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে।লগতে,অতি সোনকালে সদাব্যস্ত পথছোৱাৰ খহাই নিয়া অংশ মেৰামতি কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগক দাবী জনাইছে৷
 

Your Comments