নগাঁৱৰ পৰা ৱাহিদুদ জামান:
'লকডাউন'ৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ নগাঁৱৰ গুদামৰ পৰা গোপনে বিভিন্ন যন্ত্ৰপাতি,নিৰ্মাণ সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে।ইতিমধ্যে ১৪ খনকৈ ৰ'ডভৰ্তি গাড়ী শেনচোৱাৰ এনএইচপিচিৰ গুদামৰ পৰা প্ৰকল্প ক্ষেত্ৰলৈ ৰাওনা হৈছে।তাদুপৰি,পৰৱৰ্তী পৰ্যায়ত ২৭টাকৈ বৃহৎ ট্ৰেন্সফৰ্মাৰো প্ৰকল্পস্থলীলৈ সৰবৰাহ কৰাৰ বাবে সাজু কৰা পৰিলক্ষিত হৈছে।মহামাৰী ক'ৰ'নাৰ আতংক আৰু লকডাউনৰ গইনা লৈ এই তৎপৰতা গ্ৰহণ কৰিছে নিৰ্মাণকাৰী সংস্থা এনএইচপিচিয়ে।যিহেতু এই জটিল সময়ছোৱাত কোনো দল-সংগঠনেই এনএইচপিচিৰ সামগ্ৰী সৰবৰাহত বাধা প্ৰদান কৰিবলৈ ৰাজপথলৈ আগবাঢ়ি নাহে,সেয়েহে তাৰেই সুযোগ গ্ৰহণ কৰি বিশেষভাৱে তৎপৰ হৈ পৰিছে এনএইচপিচি কৰ্তৃপক্ষ।স্মৰ্তব্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত খহনীয়া অব্যাহত আছে আৰু পানীৰ ঢলে খহাই নিছে ইখনৰ পিছত সিখন গাৰ্ডৱাল।তাৰ মাজতেই প্ৰকল্পস্থলীলৈ নগাঁৱৰ শেনচোৱাৰ এনএইচপিচিৰ গুদামৰ পৰা গোপনে সৰবৰাহ হৈ আছে যন্ত্ৰাংশ আৰু আন নিৰ্মাণ সামগ্ৰীৰ। ইফালে,জনচক্ষুৰ আঁৰে আঁৰে এনএইচপিচিয়ে সামগ্ৰী আৰু যন্ত্ৰাংশ সৰবৰাহ কৰি থকাৰ ফটো সংগ্ৰহ কৰি থকাৰ সময়তে শনিবাৰে এনএইচপিচিৰ একাংশ কৰ্মচাৰীয়ে সাংবাদিকক বাধা প্ৰদান কৰি এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।দল-সংগঠনৰ প্ৰতিবাদক একাষৰীয়া কৰি তথা বিশেষজ্ঞৰ মতামতকো আওকাণ কৰি এতিয়া চূড়ান্ত মইমতালিৰে এনএইচপিচিয়ে বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে তৎপৰ হৈ পৰিছে।নদীবান্ধ বিৰোধী আন্দোলন স্তিমিত হোৱা আৰু লকডাউনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এনেদৰে এতিয়া নগাঁৱৰ পৰা গোপনে সৰবৰাহ হৈ আছে নদীবান্ধ নিৰ্মাণৰ সামগ্ৰী।
- Log in to post comments
- 14 views