ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হাইস্কুলত শিক্ষাৰ্থীৰ  মাজত সামগ্ৰী বিতৰণ:হাইস্কুল শিক্ষান্ত পৰীক্ষাত সন্তোষজনক ফলাফল 

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হাইস্কুলত তলাবন্ধৰ সময়তে শিক্ষা বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত শুকুৰবাৰে  শিক্ষাৰ্থীসকলৰ মাজত মধ্যেহ্ন ভোজন খাদ্য সামগ্ৰী বিতৰণ কৰে৷তলাবন্ধৰ নিয়ম ৰক্ষা কৰি ৬ষ্ঠ মানৰ পৰা ৮ম মান লৈ ৪৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাউল, দাইল,আলু,কণী,নিমখ বিতৰণ কৰে৷শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰে আৰু সহকাৰী শিক্ষক কৰ্মচাৰীসকলে বিদ্যালয় পৰিচালনা সমিতিৰ  উপস্থিতিত অতি শৃংখলাবদ্ধভাৱে ছাত্ৰ-ছাত্ৰী,অভিভাৱকৰ মাজত  উক্ত সামগ্ৰীসমূহ বিতৰণ কৰে।শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰে  জানিবলৈ দিয়া মতে এই বিতৰণ প্ৰক্ৰিয়াত পলিথিনৰ বিপৰীতে প্ৰদূষণমুক্ত বেগ ব‍্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক সামগ্ৰী প্ৰদান কৰে৷লগতে প্ৰধান শিক্ষক তালুকদাৰে ইয়াকো কয় যে চৰকাৰী নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীক অনলাইনৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিছে।লগতে তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে ফোন যোগে ক'ৰ'না আৰু পাঠদানৰ দিহা- পৰামৰ্শ দি আহিছে।উল্লেখ্য যে যিসময়ত চৰকাৰী মাধ্যমৰ বিদ্যালয়তশ ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে,ঠিক সেই সময়তে সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা  ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হাইস্কুলত বৰ্তমানে        ছাত্ৰ-ছাত্ৰীৰ  সংখ্যা ৮০০ গৰাকী।ইফালে,শিক্ষানুষ্ঠানখনে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হয়।বিদ্যালয়খনৰ পৰা সৰ্বমুঠ ১২৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত এগৰাকীয়ে ডিষ্টিংচন,এজনে ষ্টাৰ,১২ গৰাকীয়ে প্ৰথম,৩৪ গৰাকীয়ে দ্বিতীয় আৰু ৪৪ গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ ৭৮.২৬ শতাংশ বুলি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰে জনায়। 

 

Your Comments