মহানগৰীৰ নুনমাটিত ভয়ংকৰ হত্যাকাণ্ড।চুৰিৰে ডিঙি কাটি হত্যা এজন যুৱকক।নুনমাটিৰ 'আৰমান হোম ফাৰ্নিচাৰ' নামৰ দোকানখনত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।
নিহত যুৱকজনৰ নাম হৈছে ঋতুপৰ্ণ পেগু।উল্লেখ যে ফাৰ্নিচাৰৰ দোকানখনত এবছৰৰ পূর্বে কাম কৰিছিল পেগুৱে।মাজে মাজে কাষৰ কাপোৰৰ দোকানলৈ গৈছিল যুৱকজন।শুকুৰবাৰে ফাৰ্নিছাৰ দোকানখনৰ মালিকৰ সৈতে প্ৰথম কাজিয়াৰ সূত্ৰপাত হয়।তাৰ পিছতে ডিঙি কাটি যুৱকজনক হত্যা কৰে হুছেইন আলিয়ে।
ইতিমধ্যে,দোকানখনৰ মালিক আৰমান আলী, কৰ্মচাৰী হুছেইন আলীক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে এখন বহা টুলক লৈ কাজিয়া হৈছিল।
নিহত যুৱকজন গুৱাহাটীৰ কমাৰ্চ কলেজৰ সমীপত ভাড়াঘৰত পৰিয়ালৰ সৈতে আছিল।চিলাপথাৰৰ যুৱকজনৰ সাতমহীয়া সন্তানসহ পৰিয়াল আছিল গুৱাহাটীত।
ইফালে,প্ৰত্যক্ষদৰ্শীৰ মতে যুৱকজনক ফাৰ্নিচাৰ দোকানখনৰ মালিকৰ লগতে পুত্ৰয়ো আক্ৰমণ কৰিছিল।
- Log in to post comments
- 146 views