হাজোৰ তেতেলীয়াৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ গৃহৰ আধাৰশিলা স্থাপন:বিধায়িকাৰ প্ৰতিশ্ৰুতি পূৰণ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো ৰাজহ চক্ৰৰ এলেকাৰ তেতেলীয়াৰ পাচলি ব্যৱসায়ী সনাতন ডেকাক যোৱা বাইশ মে'ত মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল।লকডাউনৰ সময়ত নিজৰ চাইকেলৰে পাচলি ব্যৱসায় কৰা ডেকাক এটা সাধাৰণ দুৰ্ঘটনাক কেন্দ্ৰ কৰি হত্যা কৰা হৈছিল।ডেকাৰ মৃত্যুৰ পিছত পাচলি ব্যৱসায়ীজনৰ  পৰিয়ালটোক কৃষি মন্ত্ৰী,জলসিঞ্চন মন্ত্ৰী,আছু,বিজেপি দলৰ নেতা-কৰ্মী,আলোচনাপন্থী আলফা আদিকে ধৰি বিভিন্নজনে সহায় কৰাৰ লগতে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰে।তেওঁ সনাতন ডেকাৰ পৰিয়ালক এটা গৃহ নিৰ্মাণ কৰাৰ আশ্বাস দিছিল আৰু বিধায়কাৰ কথামতে বৃহস্পতিবাৰে কেতেকীবাৰী উখুৰা গাঁও পঞ্চায়তৰ      সভানেত্ৰী ৰুমী কলিতাই প্ৰয়াত সনাতন ডেকাৰ চৌহদত বিধায়িকাৰ নিজা খৰচত গৃহ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে।অনুষ্ঠানত বিজেপি নেতা ৰমেশ কলিতাকে ধৰি বিভিন্নজন উপস্থিত থাকে।

Your Comments