চিকিৎসক নাই:এমাহে বন্ধ হাজোৰ ৰামদিয়া ৰাজ্যিক চিকিৎসালয়,যুৱ-ছাত্ৰ পৰিষদৰ আন্দোলনৰ হুমকি

হাজোৰ পৰা কমলাকান্ত দাস:

ৰাজ্য চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ সফলতাৰ ঢাক-ঢোল বজাই থকাৰ সময়তে কামৰূপ জিলাৰ হাজোৰ ৰামদিয়া ৰাজ্যিক চিকিৎসালয়খন চিকিৎসকৰ অভাৱত বন্ধ হৈ পৰা ঘটনাই বৃহত্তৰ অঞ্চলজুৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।উল্লেখ্য যে বৃহত্তৰ ৰামদিয়া অঞ্চলৰ ৫০ হাজাৰৰো অধিক লোকৰ স্বাস্থ্য সেৱাৰ একমাত্ৰ আশা-ভৰসাৰ থলী হৈছে ৰামদিয়া ৰাজ্যিক চিকিৎসালয়।পৰিতাপৰ কথা এই যে সম্প্ৰতি এই চিকিৎসালয়খনত নাই এজনো চিকিৎসক।পূৰ্বৰ চিকিৎসকগৰাকী অন্য ঠাইলৈ বদলি হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা ২৫ মে'ৰ পৰা বন্ধ হৈ পৰিছে চিকিৎসালয় খন।নিতৌ শতাধিক ৰোগী চিকিৎসালয়খনলৈ আহি বিফল মনোৰথ লৈ ওভতে।লক্ষণীয়ভাৱে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম আৰু দশম স্থান লাভ কৰা কৃতী শিক্ষাৰ্থী দুগৰাকীৰ বসতি অঞ্চল ৰামদিয়াত সৰ্বসাধাৰণৰ স্বাস্থ্য সেৱাৰ এনে দুৰ্দশাত সচেতন মহলে তীব্ৰ খেদ প্ৰকাশ কৰিছে।সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নৰেশ কুমাৰ দাস আৰু সম্পাদক ৰাজীৱ বৰুৱাই উক্ত চিকিৎসালয়খনত শীঘ্ৰেই  চিকিৎসক নিযুক্তি দি স্বাস্থ্য সেৱা পুনৰ সুচল কৰিবলৈ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।এই ক্ষেত্ৰত শীঘ্ৰেই যথাবিহিত পদক্ষেপ গ্ৰহণ নকৰিলে ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুমকি দিছে।

Your Comments