হাজোৰ পৰা কমলাকান্ত দাস:
কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত পূব মোখনীয়াত এটি আঢ়ৈ বছৰীয়া শিশুৰ সলিল সমাধি হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ।বুধবাৰে পুৱা প্ৰায় ৯ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো।পখিলা খেদাৰ বয়সতে কৰুণ মৃত্যুক আকোৱালি লোৱা এই শিশুটো হৈছে হাজো আৰক্ষী থানাৰ অন্তৰ্গত পূব মোখনীয়াৰ হাছেন আলী আৰু লালবানু বেগমৰ পুত্ৰ লটিফুৰ ৰহমান।ঘটনা সন্দৰ্ভত জানিব পৰা মতে,বুধবাৰে পুৱা প্ৰায় ৯ বজাত চোতালত খেলি থকা অৱস্থাৰ পৰা শিশুটি নোহোৱা হয়। পিতৃ-মাতৃয়ে ইফালে-সিফালে শিশুটিক বিচাৰ - খোচাৰ কৰে যদিও প্ৰায় এঘন্টা পলমকৈ পথৰ দাঁতিত থকা দ' খাৱৈত ওপঙি থকা প্ৰত্যক্ষ কৰে।ততালিকে পৰিয়ালৰ সদস্য আৰু ওচৰ- চুবুৰীয়াই শিশুটিক উদ্ধাৰ কৰি হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে শিশুটিৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে আৰু শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 14 views