পশুপ্ৰেমৰ নিদৰ্শন:নলবাৰী চহৰত দুই শতাধিক বাটৰ কুকুৰক খাদ্য খুৱালে যুৱকৰ দলে

Dog feeding

নলবাৰীৰ পৰা হেমন্ত কলিতা:

হোটেল আদিৰ খাদ্য বিক্রী কৰা প্রতিষ্ঠানৰ ওপৰতে নির্ভৰ কৰি নিজৰ ভোক নিবাৰণ কৰে পথৰ কাষৰ কুকুৰৰ লগতে অন্য জন্তুৱে৷নলবাৰী চহৰত অতি কমেও দুই শতাধিক পথৰ কুকুৰ আছে৷সেয়ে এই পথৰ কুকুৰবোৰক খাদ্য যোগান ধৰিবলৈ প্রচেষ্টা হাতত লৈছে এটা যুৱকৰ দলে।ভাৰতীয়‌ জনতা পাৰ্টীৰ পূব- নলবাৰী মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ডেকাৰ নেতৃত্বত,ভাৰতীয় জনতা যুৱ মৰ্চাৰ পূব নলবাৰী মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক অঞ্জন শৰ্মাৰ সহযোগত নলবাৰী কলেজ ৰোডত প্ৰায় ৩৮ টা কুকুৰক কিছু খাদ্য খুৱাই  পশুপ্ৰেমৰ নিদৰ্শন  দাঙি ধৰে।তেওঁলোকে নিজেই ভাত ৰান্ধি পথৰ কুকুৰক  সোমবাৰৰ নিশাৰ পৰা খুৱাইছে বুলি জনা গৈছে ৷

Your Comments