বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত মঙলবাৰে চিকিৎসালয়খনত এটা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।এই ৰক্তদান শিবিৰত বঙাইগাঁও জিলা আদালতৰ মুন্সিফ মেজিষ্ট্ৰেট,জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক চাতুৰ্য প্ৰসাদ তালুকদাৰ,আৰক্ষী,অধিবক্তা,পল্লৱ বৰদলৈ,ভলেণ্টিয়াৰ তথা আন কেইবাজনো লোককে ধৰি ২৭ জন ব্যক্তিয়ে স্বেচ্ছাই আগবাঢ়ি আহি ৰক্তদান কৰে।ৰক্তদান কৰাসকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।ইফালে,এই ৰক্তদান শিবিৰ আয়োজন কৰা সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক চাতুৰ্য প্ৰসাদ তালুকদাৰে কয় যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্তৃপক্ষই তেওঁলোকক জনাইছে যে লকডাউনৰ কাৰণে ৰক্তদাতা নথকাৰ বাবে চিকিৎসালয়খনৰ ব্লাড বেংকত মজুত কৰি ৰখা ৰক্তৰ পৰিমাণ কমি গৈছে।চিকিৎসালয়ত ৰোগীক চিকিৎসা প্ৰদান কৰি থকাৰ বাবে প্ৰয়োজন অনুপাতে ৰক্ত মজুত নাথাকিলে অসুবিধা হয়।সেয়ে তেওঁলোকে এইক্ষেত্ৰত চিকিৎসালয়খনৰ ৰোগীসকলৰ বাবে সহায়ক হ'ব পৰাকৈ এটা ৰক্তদান শিবিৰ আয়োজন কৰিবলৈ অনুৰোধ কৰে।সেই অনুসৰি এই ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় বুলি কয়।তেওঁ কয় যে বৰ্তমানৰ পৰিৱেশত মানুহবোৰৰ মনত ভয়ভাব এটা সোমাই থকাত আগবাঢ়ি আহিবলৈ অসুবিধা পাইছে।কিন্তু আমি এই শিবিৰ আয়োজন কৰাত বিভিন্নজনে স্বেচ্ছাই আগবাঢ়ি আহি ৰক্তদান কৰিছে ৷ আনহাতে,চিকিৎসালয়খনৰ ব্লাড বেংকৰ দায়িত্বত থকা চিকিৎসক দাৰাসিং ৰায়ে কয় যে শেহতীয়াকৈ কোভিড- ১৯ ৰোগ হৈ থকাৰ বাবে ৰক্তদাতা নোপোৱাৰ ফলত ব্লাড বেংকত ৰক্ত মজুতৰ পৰিমাণ কমি গৈছিল।সেয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা এই ৰক্তদান শিবিৰৰ আয়োজন কৰাত তেওঁলোকক আমি ধন্যবাদ জনাইছো।লগতে আগলৈকো এইদৰে ৰক্তদান শিবিৰৰ আয়োজন কৰিব বুলি আশা প্ৰকাশ কৰে। চিকিৎসকগৰাকীয়ে ১৮ ৰ পৰা ৬৫ বছৰ বয়সৰ সকলো সুস্থ ব্যক্তিয়ে নিৰাপদে ৰক্তদান কৰিব পাৰে বুলিও কয়।
- Log in to post comments
- 11 views