শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

Dr.Himanta Biswa Sarma

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,বিত্ত,শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নিশা শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনত প্ৰশাসনৰ লগতে বিভিন্ন বিভাগে ক'ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে।উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত সভাপতিত্ব কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য, আৰক্ষী,গড়কাপ্তানী,জনস্বাস্থ্য কাৰিকৰী আৰু শিক্ষা বিভাগৰ মুৰব্বী বিষয়াসকলৰ পৰা ক'ভিড-১৯ ৰোগ প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত বুজ লয়।এই পৰ্যালোচনা সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন,স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ‌ হাজৰিকা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী,নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়া,সোণাৰি সমষ্টিৰ বিধায়কা নৱনিতা সন্দিকৈ,শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈকে আদি কৰি জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Pic

সভাৰ অন্তত মন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে।স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণ কালত শনিবাৰে পুৱা জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়খন ৰিদৰ্শন কৰি চিকিৎসালয়খনৰ সামগ্ৰিক ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি সন্দৰ্ভত বিতংভাৱে বুজ লয়।

Your Comments