হাজোৰ বৰদধিৰ এগৰাকী যুৱতী ক'ভিড আক্ৰান্ত

Corona

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ জিলাৰ হাজো থানাৰ অন্তৰ্গত  বৰদধিত এগৰাকী যুৱতীৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাত গাঁঁওখনত এক আতংময় পৰিৱেশৰ সৃষ্টি হয়।জানিব পৰা মতে,হাজোৰ বৰদধিৰ গীতা মহন্ত নামৰ যুৱতীগৰাকীয়ে  জিএমচিএইচতত কৰ্মৰত হৈ আছিল।জি এম চি এইচত ৱাৰ্ড গাৰ্ল হিচাপে কৰ্মৰত যুৱতীগৰাকীক প্ৰথমতে ছোৱাব টেষ্ট    নিগেটিভ আহে যদিও শুকুৰবাৰে পুনৰ ছোৱাব  টেষ্ট কৰাত যুৱতীগৰাকীৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰে।জানিব পৰা মতে, দুদিন ঘৰত থকা গীতা মহন্তৰ ছোৱাব টেষ্টৰ ৰিজাল্ট পজিটিভ অহাত  গাওঁঁখনত আতংকৰ সৃষ্টি হয়।যুৱতীগৰাকী জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আছে।ইতিমধ্যে প্ৰশাসনে বৰদধিৰ যুৱতীগৰাকীৰ পৰিয়ালটোৰ লগতে তেওঁঁৰ সম্পৰ্কলৈ অহা অইন তিনিটা পৰিয়ালক হোম কোৱাৰেণ্টাইন কৰিছে।

Your Comments