নৰেন শৰ্মা,বাহাৰঘাট:
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শুকুৰবাৰে কামৰূপ-নলবাৰী জিলা সংযোগী বাহাৰঘাট অঞ্চলতো পঞ্চম পৰ্যায়ৰ 'লকডাউন'ৰ চৰকাৰী নীতি-নিয়মৰ মাজৰে বিশ্ব পৰিৱে দিৱস পালন কৰে৷তদুপলক্ষে নলবাৰী জিলাৰ বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই বাহাৰঘাট উচ্চ বুনিয়াদী বিদ্যালয় চৌহদত স্থানীয় পঞ্চায়ত প্ৰতিনিধি,অৱসৰপ্ৰাপ্ত শিক্ষক,সাংবাদিক,সমাজসেৱী,ব্যৱসায়ী,আৰক্ষী আদি সামৰি পোন্ধৰগৰাকী ব্যক্তিৰ দ্বাৰা পোন্ধৰটা গছ পুলি ৰোপণ কৰে৷তদুপৰি, কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় চৌহদ চাফ-চিকুন কৰাৰ লগতে গছপুলি ৰোপন কৰে৷গছপুলি ৰোপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে সাংবাদিক নৰেন শৰ্মা,মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড°ৰাতুল চন্দ্ৰ শৰ্মা আৰু কংগ্ৰেছ সংখ্যালঘু কোষৰ কামৰূপ জিলা সমিতিৰ অধ্যক্ষ বাপুকণ আলীয়ে৷আনহাতে,মৌজাখনৰ অন্যতম বেচৰকাৰী সংস্থা 'অন্বেষণ'ৰ উদ্যোগত আৰু পঃবঃআঞ্চলিক কলেজ এনএছএছ গ্ৰুপৰ সহযোগত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত গছপুলি ৰোপণ কৰে।
- Log in to post comments
- 7 views