নলবাৰীত জৰুৰীকালীন কৰ্মত নিয়োজিত চিকিৎসা-কৰ্মী,সাংবাদিক,আৰক্ষীক 'আছু'ৰ সম্বৰ্ধনা

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে      সন্মুখত থাকি যুুঁজ দিয়া যোদ্ধাসকলক  শুকুৰবাৰে সদৌ নলবাৰী জিলা ছাত্র সন্থাই বিশেষভাৱে সম্বৰ্ধনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলৰ লগতে নাৰ্চ,পেৰামেডিকেল ষ্টাফ,১০৮ নম্বৰ সেৱাৰ সৈতে জড়িত কৰ্মচাৰীসকল,নলবাৰী জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ লগতে  পুলিচ প্ৰশাসনক পৃথকে পৃথকে সম্বৰ্ধনা জ্ঞাপন কৰে।

Pic

'আছু'ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা,জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সাধাৰণ সম্পাদক অক্ষয় ডেকাৰ নেতৃত্বত যোৱা আছুৰ সজাতি দলটোৱে প্ৰথমে নলবাৰী শ্বহীদ মুকুন্দ কাকতি  অসামৰিক চিকিৎসালয়লৈ গৈ চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত অধীক্ষকৰ লগতে ৬০ গৰাকীৰো অধিক চিকিৎসক-নাৰ্চ,চিকিৎসা কৰ্মীক ফুলাম গামোছা,কৃতজ্ঞতা-পত্ৰ আৰু মাক্স প্ৰদানকৰি সম্বৰ্ধনা জনায়।একেদৰে আছুৰ দলটোৱে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়,নলবাৰী সদৰ থানাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ জিলা উপায়ুক্তৰ লগতে প্ৰশাসনিক বিষয়াসকল আৰু আৰক্ষী প্ৰশাসনৰ প্ৰতিগৰাকী আৰক্ষীকে সম্বৰ্ধনা জনায়।উল্লেখ্য যে উক্ত সঁজাতি দলটোত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজউদ্দিন  আহমেদ,সহ:সম্পাদক ফণীধৰ বৰুৱা,নিৰোজউদ্দিন আহমেদ,সমৰজ্যোতি মহন্তকে আদি কৰি ভালেসংখ্যক ছাত্ৰ-কৰ্মী আছিল।নলবাৰী আছুৰ উক্ত পদক্ষেপৰ সচেতন মহলে শলাগ লৈছে। 


 

Your Comments