বৰছলিত দৰিদ্ৰ বিদ্যাৰ্থীক শিক্ষাদান কৰিবলৈ হাজো আছুৰ তিনিটাকৈ বিনামূলীয়া পাঠদান শিবিৰ মুকলি

Aasu

মৃণাল ডেকা,শুৱালকুছি:

সমগ্ৰ ভাৰতবৰ্ষতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ লকডাউন চলি থকাত সকলো শিক্ষানুষ্ঠান চৰকাৰে বন্ধ ঘোষণা কৰিছে।ফলত,ছাত্ৰ-ছাত্ৰীসকল ব্যাপক ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে।এই সময়চোৱাত চৰকাৰে ডিজিটেল ক্লাছৰ ব্যৱস্থা কৰিছে যদিও এই ব্যৱস্থাৰ সুবিধা গ্ৰামাঞ্চলৰ  বহু শিক্ষাৰ্থীয়ে ল'ব পৰা নাই।এতিয়াও গ্ৰামাঞ্চলৰ বহুত পৰিয়ালৰ ঘৰত নাই টিভি বা এন্দ্ৰইড মোবাইল।যাৰ বাবে বহু ছাত্ৰ-ছাত্ৰী চৰকাৰৰ এই ডিজিটেল পদ্ধতিৰ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হৈছে।এতিয়া,এই সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰিবলৈ আগবাঢ়ি আহিছে সদৌ অসম ছাত্ৰ সন্থা।এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসৰ।বৃহস্পতিবাৰে কামৰূপ জিলাৰ  হাজোৰ অতিকৈ ভিতৰুৱা অঞ্চল বৰছলিত হাজো আছুৰ উদ্যোগত আৰু বৰছলি শাখা ছাত্ৰ সন্থাৰ সহযোগত বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় আৰু ছিদ্দিক আলী জাতীয় বিদ্যালয়ত তথা ৰামদিয়া নামপাৰা জগদ্ধাত্ৰী পূজা মণ্ডপ প্ৰাঙ্গণত বিনামূলীয়া পাঠদান শিবিৰ মুকলি কৰে।

Aasu

নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰা এই বিনামূলীয়া পাঠদানৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব পাৰিব বুলি আছু নেতা প্ৰকাশ দাসে উল্লেখ কৰি দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।তেওঁ সম্পূৰ্ণ লকডাউন তথা স্বাস্থ্য বিভাগৰ নীতি- নিয়ম মানি আৰু সামাজিক দূৰত্ব বজাই ৰাখি পাঠদান চলাই নিয়াৰ বাবে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি আহ্বান জনায়।এই বিনামূলীয়া পাঠদান শিবিৰত ২২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অঞ্চলটোৰ প্ৰায় চাৰিশতকৈ অধিক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব।বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মোস্তাফিজুৰ ৰহমান আৰু সচিব আব্দুৰ ৰহিম,ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আবু তালেব আলীৰ সহযোগিতাত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত সদৌ কামৰূপ জিলা আছুৰ সভাপতি দিবাকৰ কলিতা,সহঃসাধাৰণ সম্পাদক ইমদাদুৰ ৰহমান,হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস,সাধাৰণ সম্পাদক তপন দাস,সাংগঠনিক সম্পাদক ভাস্কৰ ডেকা,বৰছলি শাখা ছাত্ৰ সন্থাৰ সভাপতি ফজনুৰ আলী,প্ৰাক্তন ছাত্ৰ নেতা আতাউৰ ৰহমানৰ লগতে কেইবাগৰাকী  আছু কৰ্মী উপস্থিত থাকে।আছুৰ নেতৃত্বৰ এনে মহানুভৱতাক অভিভাৱকসকলে কৃতজ্ঞতা জনায়।

 

Your Comments