আৰ্থিকভাৱে জুৰুলা শিল্পী যোগেন দাসক কংগ্ৰেছ নেতা প্ৰদ্যুৎ কুমাৰ ভূঞাৰ সাহায্য

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

মানুহজনৰ নাম যোগেন দাস।ঘৰ নলবাৰী সমষ্টিৰ অন্তৰ্গত অমায়াপুৰ গাঁঁৱত।৪০ বছৰ ধৰি ভ্ৰাম্যমান থিয়েটাৰ,বেণ্ড পাৰ্টীত বাদ্যযন্ত্ৰ সংগত কৰি আহিছে,তেওঁঁ বিশেষকৈ ভায়'লিন আৰু পেঁপাৰ সুন্দৰ লহৰ তুলিব পাৰে।দাসৰ    ল'ৰাজনো ভাল চিত্ৰশিল্পী।তলাবন্ধৰ ফলত এনেও শিল্পীসকল আৰ্থিকভাৱে জুৰুলা হৈছে।তেনে এটা পৰিস্থিতিত ভূতৰ ওপৰত দানহ পৰা দি যোৱা ১৫ মে' তাৰিখে যোগেন দাস হঠাতে অসুস্থ হৈ পৰে।পৰিয়ালৰ লোকে চিকিৎসকৰ ওচৰলৈ নি পৰীক্ষা-নিৰীক্ষা কৰোৱাৰ পিছত জটিল ৰোগ ধৰা পৰে।সেই খবৰ পাই সোমবাৰে নলবাৰীৰ এজন জনপ্রিয় সমাজকর্মী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সা:সম্পাদক প্ৰদ্যুৎ কুমাৰ ভূঞাই নিজৰ নৰীয়া দেহাৰে আহি খবৰ লয় আৰু অলপ আৰ্থিক সহায় কৰে।পিছলৈ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব বুলি লগতে কয়।বিভিন্ন দল-সংগঠন তথা স্থানীয় বিধায়কে শিল্পী পৰিয়ালটোক চিকিৎসাৰ বাবে আৰ্থিকভাৱে সহায় কৰিব বুলি স্থানীয়  সচেতন নাগৰিকসকলে আশা প্ৰকাশ কৰিছে।

Your Comments