গোলাঘাটত দেৱাশীষ গগৈলৈ শ্ৰদ্ধাঞ্জলি

Pic

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

২৯ মে'ত মৰিয়নীৰ গাভৰুত একাংশ উন্মত্ত লোকৰ নৃশংসতাৰ বলি হোৱা দেৱাশীষ গগৈৰ আত্মাৰ সদগতি কামনা কৰি সোমবাৰে গোলাঘাট চহৰৰ মাজমজিয়াৰ বাটা পইন্টত বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা,টাই আহোম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি সংগঠনে বন্তি প্ৰজ্বলন কৰি আত্মাৰ সদগতি কামনা কৰে।অতি সোনকালে ফ্ৰাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী তুলি দোষীক উপযুক্ত শাস্তি দিয়াৰো দাবী উত্থাপন কৰে।

Your Comments