লংকাৰ পৰা মনোজ কুমাৰ পাঠক:
হোজাই জিলাৰ কাকী ৰামপুৰত শনিবাৰে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হয়।পথাৰৰ আলিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো।মৃত মহিলাগৰাকীৰ নাম সুশীলা ধনোৱাৰ।মৃত মহিলাগৰাকীৰ বয়স ৫৪ বছৰ।কাকী শনিবজাৰ বিষ্ণুপুৰৰ নিজ ঘৰৰ পৰা নিশা মহিলাগৰাকী সন্ধানহীন হৈ আছিল।ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নগাঁঁৱলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 226 views
