নগাঁও:
২৬ নগাঁও জিলাৰ পাৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত বঢ়মপুৰ বামুনীত সোমবাৰে দিনৰ প্ৰায় ১০ বজাত এক মাৰপিটৰ ঘটনা সংঘটিত হয়় । এই সংঘাতৰ ফলত এজন লোক গুৰুতৰভাবে আহত হয়। আহত লোকজন বামুণী মুছলিম গাৱঁৰ মাজাৰৰ সমীপৰ মৃদুল আলী (৪৬) বুলি জানিব পৰা গৈছে।প্ৰাপ্ত অভিযোগ মতে, অঞ্চলটোৰ দুই ভাতৃ ক্ৰমে সঞ্জীৱ আলী আৰু সৰুপোনাইয়ে গৰুৱে এখন জেওৰা ভঙাক কেন্দ্ৰ কৰি নিজ খুৰায়েক মৃদুলৰ লগত প্ৰথমে তৰ্কাতৰ্কি আৰু পাছত কাজিয়াত লিপ্ত হয়। ইমানতে ক্ষান্ত নাথাকি ভাতৃদ্বয়ে চোকা অস্ত্ৰ লৈ মৃদুলক মুৰ আৰু শৰীৰত বেয়াকৈ প্ৰহাৰ কৰে। এই কাজিয়াতে মৃদুলে মুৰ আৰু সৰ্ব শৰীৰত বেয়াকৈ আঘাত পায়। আৰু মুৰৰ পৰা অধিক ৰক্তক্ষৰণ হৈ ঘটনাস্থলীতে মৃদুল ঢলি পৰে। ইফালে এই ঘটনা সংঘটিত কৰিয়েই সঞ্জীৱ আৰু সৰুপোনাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি একাংশ প্ৰত্যক্ষৰক্ষীয়ে অভিযোগ কৰে।পাছত ঘটনাটোৰ খবৰ পাই স্থানীয় ৰাইজ তথা মৃদুলৰ পৰিয়ালৰ লোকে ১০৮ মৃত্যুঞ্জয় সেৱাৰ সহায় লয় যদিওঁ বহু পলমলৈ ১০৮ গৈ নোপোৱাত গুৰুতৰভাবে আহত মৃদুলক এখন ব্যক্তিগত বাহনেৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনি ভৰ্তি কৰায় । সম্প্ৰতি চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী মৃদুলৰ পৰিয়ালৰ লোকে নগাঁও চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পাৰাঘাট আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে যদিওঁ বৰ্তমানেও আৰক্ষীয়ে ঘটনাটোৰ লগত জড়িত কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে পূৰ্বেও অঞ্চলটোত কেইবাটাও অপৰাধজনিত ঘটনা সংঘটিত হৈছে। এই ক্ষেত্ৰত অঞ্চলটোৰ সচেতন মহলে আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
- Log in to post comments
- 42 views