নৰেন শৰ্মা,বাহাৰঘাট:
বহি:ৰাজ্যৰ পৰা ওভতি আহি সম্প্ৰতি গুৱাহাটীৰ সৰুসজাইৰ কোৱাৰেন্টাইন কেন্দ্ৰত অৱস্থান কৰা কামৰূপ জিলাৰ বাৰাংহাটীৰ চাৰিজন যুৱকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাত বৰ্তমান সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে৷উল্লেখ্য যে হাৰিয়ানাৰ গুৰগাঁঁৱত বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত উক্ত যুৱককেইজন বৰ্তমান ক’ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা তলাবন্ধৰ বাবে কৰ্মহীন হৈ পৰিছিল৷অৱশেষত অন্যান্য কেইজনমান বন্ধুৰ স'তে এখন বাছ ভাড়া কৰি কিছুদিন আগতে গুৱাহাটী পায়৷বাছখনত থকা মুঠ সোতৰজন যুৱকে প্ৰথমতে এখন হোটেলত থকাৰ পিচত সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত আটাইকেইজনকে ভৰ্তি কৰাই৷তাতে প্ৰতিজনৰে স্বাস্থ্য পৰীক্ষা কৰাত তাৰে চাৰিজনৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে৷উৎপল কলিতা(২৮),ধৰণী কলিতা(২৭),নৱজিৎ কলিতা (৩২)আৰু প্ৰনৱজ্যোতি কলিতা (৩০) নামৰ উক্ত চাৰিজন যুুুৱক গুৱাহাটীৰ ক’ভিড কেন্দ্ৰত চিকিৎসাধীন হৈ থকাৰ লগতে অন্য লগৰীয়াকেইজন সৰুসজাইত কোৱাৰেন্টাইনত আছে৷ইয়াক লৈ একাংশ ছ'চিয়েল মিডিয়াত চলা উৰাবাতৰিক বিশ্বাস নকৰিবলৈ অঞ্চলটোৰ দল-সংগঠন আৰু সমাজ-সচেতন লোকে ৰাইজক আহ্বান জনাইছে৷আনহাতে,সকলোকে ঘৰতে থাকি সুস্থ থকাৰ কামনা কৰি যুৱক চাৰিজন যাতে সোনকালে সুস্থ হৈ উঠে,তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ অঞ্চলবাসীক আহ্বান জনাইছে৷
- Log in to post comments
- 53 views