শুৱালকুছিত জৰুৰী সেৱাৰ ব্যক্তিৰ মাজত মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ

Pic

মৃণাল ডেকা,শুৱালকুছি:

মহামাৰী ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে নিজৰ জীৱনক তুচ্ছ কৰিও জনসাধাৰণৰ স্বাৰ্থত অহৰহ কাম কৰি অহা লোকসকলক অসম চৰকাৰৰ আবকাৰী বিভাগৰ তৎপৰতাত তথা আবকাৰী বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেৰ সহযোগত,ৰাজ্যিক বিজেপি অনুসূচিত মৰ্চাৰ মিডিয়া আহ্বায়ক অমৃত কুমাৰ দাস,জালুকবাৰী বিধানসভা সমষ্টিৰ সক্ৰিয় বিজেপি কাৰ্যকৰ্তা অলকেশ কলিতাৰ নেতৃত্বত মঙলবাৰে শুৱালকুছি অঞ্চলৰ স্থানীয় সাংবাদিক,শুৱালকুছি আৰক্ষী থানা, শুৱালকুছি অগ্নিনিৰ্বাপক বাহিনী,শুৱালকুছি নদী আৰক্ষী থানা,পানী যোগান আঁচনিৰ কাৰ্যালয়,শুৱালকুছি উপ:কোষাগাৰ, শুৱালকুছিস্থিত বেংকসমূহ,শুৱালকুছি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰা হয়।

Pic

উক্ত কাৰ্যসূচীত উপস্থিত থাকে হিমাংশ বৈশ্য(মিডিয়া আহ্বাহক,গুৱাহাটী জিলা যুৱ মৰ্চা),অমৃত কুমাৰ দাস(ৰাজ্যিক ভাঃজঃপাঃৰ অনুসূচিত মৰ্চাৰ মিডিয়া আহ্বাহক),অপূৰ্ব বৈশ্য(সম্পাদক,শুৱালকুছি বিজেপি মণ্ডল),ধীৰাজ মহন্ত,হেমেন কলিতা,ৰিম ৰাজবংশী,মানস কলিতাৰ লগতে একাংশ বিজেপি কাৰ্যকৰ্তা।

Your Comments