বঙাইগাঁৱৰ প্ৰতিবেদক:
ইছলাম ধৰ্মাৱলম্বী লোকৰ ত্যাগ আৰু আত্মসংযমৰ পৱিত্ৰ মাহ ৰমজানৰ অন্তত উদযাপন কৰি অহা ঈদুল ফিতৰৰ সমূহীয়া নামাজ এইবাৰ বাতিল কৰিছে বৃহত্তৰ বঙাইগাঁৱৰ মুছলমান সমাজে।উল্লেখ্য যে দেশত ক'ৰ'না ভাইৰাছৰ মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰে ১৮ মে'ৰ পৰা ৩১ মে'লৈ ঘোষণা কৰা চতুৰ্থ ৰাষ্ট্ৰীয় লকডাউন বলৱৎ থকাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁৱৰ ৰাজহুৱা ঈদগাহ ময়দানত পালন কৰি অহা ঈদুল ফিতৰৰ সমূহীয়া নামাজ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বঙাইগাঁৱৰ মুছলমান সমাজে।বঙাইগাঁও চহৰৰ মুছলিম সমাজৰ সভাপতি নুৰ মহাম্মদে ব্যৱসায়িক চহৰ বঙাইগাঁৱৰ সকলো মুছলমান লোককে আগন্তুক ঈদুল ফিতৰৰ নামাজ এইবাৰ নিজ ঘৰতে পঢ়াৰ বাবে সজোৰে আহ্বান জনাইছে।বঙাইগাঁও চহৰৰ মুছলিম সমাজৰ সভাপতিগৰাকীয়ে লগতে স্ব-ধৰ্মীয় লোকলৈ আহ্বান জনাই কয় যে যিহেতু সমগ্র দেশজুৰি লকডাউন অব্যাহত আছে,সেয়ে এই লক ডাউনত নীতি -নিয়ম উলংঘা কৰি কোনো লোকেই যাতে ঈদৰ বজাৰ কৰাৰ বাবে বজাৰত ভিৰ নকৰে।জীয়াই থাকিলে আৰু ভয়াৱহ ক'ৰ'না মহামাৰীৰ পৰা ৰক্ষা পৰিলে নিশ্চয় গোটেই জীৱন ঈদৰ বজাৰ কৰিব পাৰিব আৰু ঈদ উদযাপন কৰিব পাৰিব গতিকে,এইবাৰ এই দুৰ্যোগৰ সময়ত নিজৰ লগতে নিজৰ আত্মীয়, সমাজ তথা দেশ বাসীৰ সুৰক্ষাৰ স্বাৰ্থত ঈদ আৰু ঈদৰ বজাৰ ত্যাগ কৰিবলৈ সকলো মুছলমান জনগণক বিনম্র ভাৱে আহ্বান জনাইছে।
- Log in to post comments
- 21 views