কোৱাৰেন্টাইনত থকা বঙাইগাঁৱৰ চিকিৎসক-নাৰ্চ-স্বাস্থ্যকৰ্মীক যাবলৈ দিয়া হ'ল স্বগৃহলৈ  

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ইনষ্টিটিউচনেল কোৱাৰেন্টাইনৰ নিৰ্ধাৰিত সময় শেষ হোৱাত নিজ নিজ ঘৰলৈ যাবলৈ দিয়া হয় ৫৯ জন ক'ৰ'না যোদ্ধাক।বঙাইগাঁও প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক-নাৰ্চসহ স্বাস্থ্যকৰ্মীৰ ৫৯ জনীয়া ক'ৰ'না প্ৰতিৰোধী যুঁঁজৰ এই দলটোক বিগত ৩০ এপ্ৰিলত চহৰখনৰ হোটেল শিৱালীত কোৱাৰেণ্টাইন কৰা হৈছিল।উল্লেখ্য যে যোৱা ৩০ এপ্ৰিলত চিকিৎসা কেন্দ্ৰটোৰ ববিতা বাছফৰ আৰু অনুপম ঠাকুৰীয়া নামৰ দুজন স্বাস্থ্যকৰ্মীৰ দেহত কোভিড -১৯ পজিটিভ ধৰা পৰাৰ পাছতে এই স্বাস্থ্যকেন্দ্ৰটো চীল কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত সকলো চিকিৎসক- নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলক কোৱাৰেণ্টাইন কৰা হৈছিল।পিছত ১৭ দিনৰ মূৰত দেওবাৰে নিশা এই  লোকসকলক হোটেল শিৱালীৰ কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ পৰা নিজ নিজ ঘৰলৈ যাব দিয়া হয়।এই উপলক্ষে নিশা হোটেলৰ বাহিৰত ক'ৰ'না যোদ্ধাসকলক আদৰণি জনাই এটা অনুষ্ঠানৰো আয়োজন কৰা হয়।অনুষ্ঠানত এই ৫৯ জনীয়া ক'ৰ'না যোদ্ধাৰ দলটোক স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।লগতে,চকলেটৰ টোপোলাও উপহাৰ হিচাপে প্ৰদান কৰা হয় সকলোকে।ক'ৰ'না যোদ্ধাৰ এই দলটোক উৎসাহ যোগোৱাৰ কাৰণে জিলা উপায়ুক্তগৰাকীয়ে আনকি নিজেই 'মিলে সুৰ মেৰা তুমহাৰা' নামৰ গীতটিও পৰিৱেশন কৰে।

Pic

এই দলটোক সন্মান জনোৱাৰ উদ্দেশ্যেৰে হোটেল শিৱালীৰ সন্মুখত শতাধিক চাকিও জ্বলোৱা হয়।নিশা প্ৰায় ৯ বজাৰ পাছত নিজ নিজ ঘৰলৈ যাব দিয়া হয় কোৱাৰেণ্টাইনত থকা দলটোক ৷ উল্লেখ্য যে বঙাইগাঁও জিলাৰ পাঁচজনকৈ ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত নতুনকৈ আৰু কোনো ব্যক্তি আক্ৰান্ত হোৱা নাই।তদুুপৰি,কোৱাৰেণ্টাইনত থকাসকলৰ নমুনাৰ ফলাফলসমূহ নিগেটিভ আহিছে বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা গৈছে৷


 

Your Comments