বটদ্ৰৱাত চাৰিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

'লকডাউন'ৰ মাজতেই নগাঁও জিলাৰ বটদ্ৰৱাত চলি আছিল নিসিদ্ধ ড্ৰাগছ তথা হেৰ'ইনৰ ৰমৰমীয়া ব্যৱসায় । ইয়াৰ মাজতেই বটদ্ৰৱা আৰক্ষীৰ জালত পৰিল চাৰিটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে--জুৰীয়াৰ মাহগুৰিৰ ছাইব আলী,নাৰমাৰীৰ মাইনুল ইছলাম,বাটমাৰীৰ মাইনুদ্দিন আৰু মুকছিদুল ইছলাম।প্ৰাপ্ত বাতৰি মতে ১৬ মে'ত নিয়মীয়া তালাচীৰ সময়তে ধিঙৰ পৰা বটদ্ৰৱা অভিমুখে আহি থকা AS 02 V 7948 নম্বৰৰ এভেঞ্জাৰ আৰু নম্বৰ প্লেট বিহীন গ্লেমাৰ মটৰ চাইকেল দুখনত অহা চাৰিজন যুৱকৰ ওপৰত সন্দেহ ওপজাত আৰক্ষীয়ে ৰাখিবলৈ নিৰ্দেশ দিওতে যুৱককেইজনে পলায়ন কৰে।লগে লগে বটদ্ৰৱা আৰক্ষীয়ে খেদি যোৱাত বাটমাৰীৰ পৰা উক্ত চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে আটকাধীন যুৱককেইজনৰ পৰা প্ৰায় দুই লাখ টকা মূল্যৰ নিসিদ্ধ হেৰ'ইন আৰু তিনিটা ম'বাইল হেণ্ডছেটৰ লগতে দুখন মটৰ চাইকেল জব্দ কৰে।বটদ্ৰৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক সোধ-পোছ কৰি তদন্ত অব্যাহত ৰাখিছে ।

Your Comments