নলবাৰীৰ পৰা দুমাহ বিৰতিৰ পিছত চলিল যাত্ৰীবাহী বাছ 

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

প্ৰায় দুমাহ বিৰতিৰ পিছত নলবাৰীৰ পৰা  চলিল যাত্ৰীবাহী  বাছ ।অসম  ৰাজ্যিক পৰিবহণ বিভাগৰ  অধীনত সোমবাৰৰে পৰা আৰম্ভ হ'ল বাছ সেৱা।নলবাৰীৰ পৰিবহণ বিভাগৰ  বাছ আস্থানৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ  হ'ল বাছ সেৱা।এই বাছ সেৱা মুকলি কৰে পৰিবহণ বিভাগৰ  ভি চি চন্দন বড়োয়ে । লকডাউনৰ  সকলো নীতি-নিয়ম মানি লৈ চলিব এই বাছ সেৱা।পঞ্চাশ শতাংশ যাত্ৰীহে  নিয়া হ'ব বাছত।বাছত উঠাৰ আগতে স্বাস্থ্য  পৰীক্ষাৰ সম্মুখীন  হব লাগিব যাত্ৰী।আনহাতে,ৰাস্তাত উঠাব নোৱাৰিব কোনো যাত্ৰী।যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য  কৰি এইদৰে নিৰ্দিষ্ট নীতি-নিয়ম  বান্ধি দিয়া হৈছে । একেদৰে ভাড়াও পুৰ্বৰ দৰেই একে থাকিব বুলিও ভি চি চন্দন বড়োয়ে  জানিবলৈ দিয়েএইদৰে বাছ সেৱা  মুকলি  হোৱাত কিছু হ'লেও সকাহ পাইছে নলবাৰীৰ  জনসাধাৰণে।

Your Comments