তলাবন্ধৰ নিয়ম নমনা ঘগ্ৰাপাৰৰ পুনৰ চাৰিখন গেলামাল দোকান ছীল

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলা প্ৰশাসনে অসম কোভিড-১৯ অধিনিয়ম , ২০২০ অনুসৰি কোভিড -১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । যদিও ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছিল যোৱাকালিলৈ ,এই ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনামৰ্মে কিছুমান সীমাবদ্ধতা আৰু শিথিলকৰণ কৰে নলবাৰী জিলা প্ৰশাসনে।নিৰ্দেশনামৰ্মে এক তৃতীয়াংশ  ব্যৱসায়িক প্ৰতিষ্ঠান পুৱা  ৬-০০ বজাৰ পৰা সন্ধিয়া ৫-০০ বজালৈ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰা হৈছিল।কিন্তু লকডাউনৰ এই নিৰ্দেশনা উলংঘা কৰি জিলাখনৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুন্দৰগাঁৱৰ ইছাহক আলি আৰু একে গাঁৱৰে নেকিবুৰ জামানৰ গেলামাল দোকান আৰু দক্ষিণগাঁৱৰ আবুল আলি আৰু বাঘমাৰা গাঁৱৰ অনন্ত চৌধুৰীয়ে তেওঁলোকৰ গেলামাল দোকান সন্ধিয়া ৫-০০ বজাৰ পিছতো খোলা ৰাখিছিল।লকডাউনৰ নিয়ম উলংঘা কৰি কোভিড-১৯ সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাধাৰণ ৰাইজৰ প্ৰতি বিপদ চপাই অনাৰ সম্ভাৱনাৰ বাবে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অসম কোভিড-১৯ অধিনিয়ম , ২০২০ ৰ ১৫ নং দফা অনুসৰি এই চাৰিখন গেলামাল দোকান তৎকালীনভাৱে ছীল কৰাৰ নিৰ্দেশ জাৰি কৰে।সোমবাৰে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা হাজৰিকাই আৰক্ষীৰ সহযোগত উক্ত গেলামালৰ দোকানকেইখন ছীল কৰে। উল্লেখ‍্য‍্য যে যোৱা ৯ মে'তো ঘগ্ৰাপাৰ থানা এলেকাত তলাবন্ধৰ নিয়ম নমনা ছয়খন দোকান প্ৰশাসনে ছীল কৰিছিল। 

 

Your Comments