নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও জিলাৰ ছোট ৰূপহীৰ বহিঃ ৰাজ্য ফেৰৎ এজন যুৱকৰ দেহত ওলাল ক'ভিড-১৯ পজিটিভ।ইয়াৰ লগে লগেই ক'ভিড-১৯ সংক্ৰমিতৰ তালিকাত অন্তৰ্ভুক্ত হ'ল নগাঁও জিলাৰ নাম। ক'ভিড -১৯ পজিটিভ ওলোৱা যুৱক জনৰ নাম আজিজুৰ ৰহমান (২০)। যোৱা ১৬ মে'ৰ পৰা যুৱক জন জুৰীয়াৰ কদমণি টাউন হাইস্কুলৰ কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ আছিল। তেওঁক সিদিনা সন্ধ্যা ৬:৫০ বজাত আন দুজন যুৱকৰ সৈতে কোৱাৰেনন্টাইন চেন্টাৰত অনা হৈছিল। নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ছোট ৰূপহীৰ আজিজুল ৰহমান নামৰ যুৱক জনে তামিলনাডুৰ এখন হোটেলত হোটেল বয় হিচাপে কাম কৰিছিল। কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে যোৱা ২৪ মাৰ্চৰ পৰা দেশজুৰি তলাবন্ধ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত যুৱক জনৰ লগতে তেওঁৰ আন সতীৰ্থও কৰ্মহীন হৈ পৰে। যমৰ যন্ত্ৰনা ভুগি তেঁওলোকে যোৱা ১৩ মে'পৰ্যন্ত তামিলনাডুতে থাকে। অৱশেষত যোৱা ১৪ মে'ত তামিলনাডুৰ চেন্নাইৰ পৰা কইম্বাটোৰে (Coimbatore)-ডিব্ৰুগড় বিশেষ শ্ৰমিক ৰেল যোগে অসমলৈ প্ৰত্যাৱৰ্তন কৰে। এই ৰেল খন আহি ১৬ মে'ৰ নিচেই পুৱাতে গুৱাহাটী ৰেল ষ্টেচন পায়হি। পাছত সেই ৰেল খন গুৱাহাটীৰ পৰা চাপৰমুখ জংচন হৈ ডিব্ৰুগড় ষ্টেচনলৈ ৰাওণা হয়। পাছত নগাঁও জিলা স্বাস্থ্য বিভাগে জিলা খনলৈ তামিলনাডুৰ পৰা প্ৰত্যাৱৰ্তন কৰা ২৩ গৰাকী শ্ৰমিকক গুৱাহাটী ৰেল ষ্টেচনৰ পৰা বাছেৰে নগাঁৱলৈ আনে। সেই লোক সকলৰ ভিতৰতে আছিল ছোট ৰূপহীৰ আজিজুল হক ৰহমানো। সেই দিনটোত বহিঃ ৰাজ্যৰ পৰা নগাঁৱলৈ প্ৰত্যাৱৰ্তন কৰা মুঠ ৩৬ গৰাকী লোকক নগাঁও চহৰৰ নেহৰুবালি বাকৰিলৈ লৈ আনি তেওঁলোক আটায়েৰে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁ লোকৰ লেলাৱতি (স্বাৱ) সংগ্ৰহ কৰি ক'ভিড-১৯ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। ইপিনে, এই শ্ৰমিক সকলৰ ভিতৰতে থকা ছোট ৰূপহীৰ যুৱক আজিজুৰ ৰহমান সহিতে ২৪ জন শ্ৰমিকক নিশা চহৰ খনৰ নটৰাজ হোটেললৈ নি তাত কিছুসময় বিশ্ৰাম দিয়াৰ পাছত বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰলৈ নি কোৱাৰেন্টাইন কৰা হয়। ইয়াৰে ১৬ মে'ত আজিজুৰ ৰহমান সহ তিনি জনক জুৰীয়াৰ কদমণি টাউন হাইস্কুলৰ কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন কৰা হয়। এই কোৱাৰেন্টাইন চেন্টাৰটো আৰম্ভ হোৱাৰ প্ৰথম দিনা অৰ্থাৎ ১৬ মে'ত চেন্নাই ফেৰৎ তিনিজন লোকক ৰখা হৈছিল। ১৭ মে' দুটা পৰ্যায়ত মুঠ ৪১ জন লোকক কোৱাৰেনন্টাইন চেন্টাৰটোত অনা হয়। আজি নতুন চাৰিজন সহ বৰ্তমান মুঠ ৪৮ গৰাকী লোকক ৰখা হয় যদিও ইতিমধ্যে কভিড আক্ৰান্ত যুৱকজনক স্থানান্তৰ কৰা হৈছে। এই লোক সকলৰ ভিতৰত অধিকাংশ লোক চেন্নাই ফেৰত শ্ৰমিক। অৱশ্যে চেন্নাইত চিকিৎসাৰ বাবে যোৱা দুগৰাকী মহিলা সহ চাৰিজন লোকো আছে। স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে আৰু জনোৱা মতে, যি সকল জুৰীয়া কদমণি টাউন হাইস্কুলৰ কোৱাৰেন্টাইন চেন্টাৰত থকা চেন্নাই ফেৰৎ লোক সকলৰ ভিতৰৰ একাংশৰ নমূনাৰ পৰীক্ষাৰ প্ৰতিবেদন আজি প্ৰকাশ পাইছে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি তামিলনাডুৰ পৰা ওভটি অহা নগাঁৱৰ ছোট ৰূপহীৰ যুৱক আজিজুল হক ৰহমান ক'ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। ইপিনে, যুৱকজনৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত আজি পুৱা বেলা নগাঁৱৰ স্বাস্থ্য বিভাগৰ লোক তেওঁ থকা কোৱাৰেন্টাইন চেন্টাৰত উপস্থিত হয়গৈ। পাছত অতি সতৰ্কতা মূলক ব্যৱস্থাৰে স্বাস্থ্য বিভাগৰ বাহনৰে তেওঁক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰে। ইয়াৰ পিছত কোৱাৰেনন্টাইন কেন্দ্ৰটো সম্পূৰ্ণৰূপে ছেনিটাইজ কৰা হয়। স্বাস্থ্য বিভাগৰ এক সুত্ৰে জনা মতে,ক'ভিড আক্ৰান্ত যুৱকজন সুস্থ হৈ আছে।
- Log in to post comments
- 19 views