'সন্ধান'ৰ উদ্যোগত বৰভাগত বিনামূলীয়া পাঠদান আৰম্ভ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

যোৱা ১৭ মে'ৰ পৰা বৰভাগৰ শ্বহীদ ভৱনত স্বেচ্ছাসেৱী  সংস্থা 'সন্ধান'ৰ উদ্যোগত আৰু বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতি,শ্বহীদ ভৱন পৰিচালনা সমিতি আৰু প্ৰতাপ-পদুমী গ্ৰাম্য পুথিভঁৰালৰ সহযোগত সামাজিক দূৰত্ব বৰ্ত্তাই ৰাখি নৱম আৰু দশম শ্ৰেণীৰ পাঠদান কাৰ্য আৰম্ভ হৈছে।পাঠদান কাৰ্যৰ মুখ্য পৰিচালক বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তথা 'সন্ধান' স্বেচ্ছাসেৱী সংস্থাৰ উপদেষ্টা শিক্ষক  কুলেশ চন্দ্ৰ ডেকাই পাঠদান কাৰ্যৰ সূচনা কৰে।জানিব পৰা গৈছে যে শীঘ্ৰে দ্বাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰিব৷পাঠদান কাৰ্যৰ আৰম্ভণি হোৱাৰ আগতে শুভেচ্ছা জ্ঞাপন কৰিবলৈ শ্বহীদ ভৱনত উপস্থিত হয় বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক জয়কৃষ্ণ গোস্বামী,বৰভাগ প্ৰেছ ক্লাবৰ সম্পাদক হিমজ্যোতি ভূঞা,সহকাৰী সম্পাদক পংকজ কলিতা,নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমৰজ্যোতি মহন্ত,শ্বহীদ ভৱন পৰিচালনা সমিতিৰ সভাপতি দিবাকৰ কলিতা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ধীৰাজ কলিতা,সন্ধানৰ সভাপতি সঞ্জয় কলিতা,সক্ৰিয় সদস্য জীয়াউল ৰহমান, পাৰবিন চুলতানা,ইৰছাদ আহমেদ আৰু প্ৰীতম লহকৰ।লকডাউনৰ সময়চোৱাত ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিবলৈ সন্ধানৰ লগতে অইন সহযোগী সংস্থা কেইটাই এই সেৱা আগবঢ়ায়।    অনুষ্ঠানটোৰ আঁঁতধৰে সন্ধানৰ সাধাৰণ সম্পাদক তাজিমুদ্দিন আহমেদে৷

ফটো আছে৷

Your Comments