বহি:ৰাজ্যৰ পৰা ওভতি অহা ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ পুনৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী,পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী,আইন উপদেষ্টা শান্তনু ভৰালী প্ৰমুখ্যে বহুকেইজন বিষয়া।
অসমলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকসকলক এমজিএনৰেগাৰ অধীনত জবকাৰ্ড প্ৰদানৰ লগতে কামৰ আৱন্টন কৰিবলৈ পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে।লগতে,শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ দক্ষতা উন্নয়ন বিভাগক নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ যে লকডাউনৰ বাবে বহি:ৰাজ্যত কৰ্মহীন হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ শ্ৰমিক।সেইসকল শ্ৰমিকৰ এটা ডিজিটেল প্লেটফৰ্মৰ মাধ্যমেৰে দক্ষতা চিহ্নিত কৰি খণ্ড উন্নয়ন পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ তেওঁ কয়।
ইফালে,প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ জৰিয়তে যাতে ৰাজ্যৰ ক্ষুদ্ৰ,অতি ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহ সৰ্বাধিক লাভান্বিত হয়,তাৰ বাবে জিলাভিত্তিক তালিকা তথা বৰ্তমান তেনে উদ্যোগসমূহৰ অৱস্থাৰ প্ৰতিবেদন যুগুত কৰিবলৈ উদ্যোগ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।
প্ৰব্ৰজিত শ্ৰমিকসকলক উৎপাদনমূলক কাম-কাজত জড়িত হ'বৰ বাবে বেংকে যাতে ঋণ প্ৰদান কৰে,সেই বিষয়ে বেংকসমূহৰ সৈতে আলোচনা কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ প্ৰদান কৰিছে।
- Log in to post comments
- 7 views